অসম

অষ্টম স্থান লাভেৰে শিৱসাগৰৰ গৌৰৱ দেৱাশ্ৰীৰ মনৰ কথা

প্ৰথম খবৰ শিৱসাগৰ ১৫ মে : আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ দেৱাশ্ৰী শইকীয়াই অষ্টম স্থান লাভ কৰি শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনে। গৌৰিসাগৰ শংকৰদেৱ বিদ্যামন্দিৰৰ ছাত্ৰী দেৱাশ্ৰীৰ পৰীক্ষা কেন্দ্ৰ আছিল গৌৰিসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্টিয়েল ইনষ্টিটিউট। দিৱাশ্ৰী শইকীয়াৰ এই সাফল্যত উৎফুল্লিত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়ত্ৰী, ছাত্ৰ ছাত্ৰীৰ লগতে সমগ্ৰ গৌৰিসাগৰবাসী ৰাইজ।গৌৰিসাগৰ নিবাসী পিতৃ যাদৱচন্দ্ৰ শইকীয়া মাতৃ অৱন্তী বৰা শইকীয়াৰ কন্যা দেৱাশ্ৰী। ভৱিষ্যতে চিকিৎসক হোৱাৰ আশা মেধাৱী ছাত্ৰী গৰাকীৰ। দেৱাশ্ৰীয়ে সৰ্বমুঠ ৫৮৬ নম্বৰ লাভ কৰে। অসমীয়াত ৯৬, ইংৰাজীত ৯৮, গনিতত ১০০, বিজ্ঞানত ৯৮, সমাজবিজ্ঞানত ৯৪, ঐচ্ছিক গনিতত ১০০ নম্বৰ লাভ কৰে।

Related Articles

Leave a Reply

Close