অসম

আশাই মানুহক জীয়াই ৰাখে: নলবাৰীত ডা: বসন্ত বৈশ্য

                     

প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ,নলবাৰী ,১২ মেঃ দাৰিদ্ৰতাই জীৱনৰ সীমা নহয়।মানুহৰ জীৱনত আশা থাকিব লাগে।আশাই মানুহক জীয়াই ৰাখে আৰু আশাই  জীৱনৰ গতিপথ আগবঢ়াই নিয়ে। এই মন্তব্য ডাঃ বসন্ত কুমাৰ বৈশ্যৰ। প্ৰয়াত ধনেশ্বৰী বৈশ্যৰ সোঁৱৰণত নলবাৰী জিলাৰ স্বেচ্ছাসেৱী অনুষ্ঠান ” অভিজ্ঞানম ” ৰাজহুৱা ন্যাসৰ সহযোগত আৰু ডাঃ বসন্ত কুমাৰ বৈশ্যৰ উদ্যোগত আজি বাঁহজানীৰ অন্তৰ্গত হেম বৰুৱা বিদ্যাপীঠ প্ৰাঙ্গনত দশম শ্ৰেনীৰ ছাত্ৰ – ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ ইংৰাজী অভিধান বিতৰণ অনুষ্ঠানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্নায়ু – শল্য বিভাগৰ মুৰব্বী অধ্যাপক তথা অভিজ্ঞানম ৰাজহুৱা ন্যাসৰ মুখ্য ন্যাসৰক্ষী ডাঃ বসন্ত কুমাৰ বৈশ্যই উপস্থিত থাকি ভাষণত ছাত্ৰ – ছাত্ৰী সকলক মনত আশালৈ অধ্যায়ন,অধ্যাৱসায় আৰু আন্তৰিক চেষ্টাৰে স্ব – প্ৰতিভা বিকশিত কৰি নিজক এগৰাকী সু – নাগৰিক হিচাবে গঢ়ি তুলিবলৈ আহ্বান জনায়। অভিজ্ঞানম ৰাজহুৱা ন্যাসৰ উপ সভাপতি কল্যান ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা  অনুষ্ঠানটোত গোপালথান পলিটেকনিকেল ইনষ্টিটিউচনৰ প্ৰধান শিক্ষক ৰূপ কুমাৰ শৰ্মা, হেম বৰুৱা বিদ্যাপীঠৰ প্ৰধান শিক্ষক সুৰেন্দ্ৰ নাথ ডেকা, গংগাপুখুৰী বৰকুৰিহা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহঃ শিক্ষক তথা দক্ষিণ নলবাৰী প্ৰেছ ক্লাৱ বাঁহজানীৰ উপদেষ্টা বাপুকন ৰাজবংশীয়ে অংশগ্ৰহন কৰি নিজ নিজ ভাষণত ছাত্ৰ – ছাত্ৰীসকলক উদ্দেশ্যে কয়।অভিজ্ঞানম ৰাজহুৱা ন্যাসৰ সম্পাদক প্ৰণব প্ৰান বাচ্যসে আঁত ধৰা অনুষ্ঠানটোত অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰৰ চাৰিগৰাকী বিশিষ্ট নাগৰিক ক্ৰমে হৰগোবিন্দ ডেকা, ৰমনী মোহন ডেকা,প্ৰকাশ ডেকা আৰু চফিকুৰ ৰহমানক বিহুৱানেৰে সম্ভাষণ জনায়। এই অনুষ্ঠানটোতে গোপালথান পলিটেকনিকেল ইনষ্টিটিউচন আৰু হেম বৰুৱা বিদ্যাপীঠ দুয়োখন শিক্ষানুষ্ঠানৰ দশম শ্ৰেনীৰ মুঠ ১০০ গৰাকী ছাত্ৰ – ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ একোখন ইংৰাজী অভিধান বিতৰন কৰে ডাঃ বসন্ত কুমাৰ বৈশ্যই।অনুষ্ঠানটোৰ আৰম্ভনীতে ধনেশ্বৰী বৈশ্যৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয়।

Related Articles

Leave a Reply

Close