অসম

কৃতী ছাত্ৰী দিপাঞ্জলী ফুকনলৈ যুৱ সাংবাদিক সন্থা ,অসমৰ অভিনন্দন

এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত তিনিচুকীয়া জিলাৰ মাউদঘাট মাটিয়াখানা অঞ্চলৰ এগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী দিপাঞ্জলী ফুকনে বৰসাপজান হাইস্কুলৰ পৰা আটাইকেইটা বিষয়তে লেটাৰসহ ৮৬.৩৩ শতাংশ নম্বৰৰে উৰ্ত্তীৰ্ণ হোৱাৰ বাতৰি বিয়পি পৰাৰ লগে লগে ছাত্ৰীগৰাকীৰ শিক্ষাজীৱনত সহায়ৰ হাত আগবঢ়াবলৈ যেন এতিয়া অজস্বজন আগবাঢ়ি আহিছে ৷ ইয়াৰ মাজতে আজি যুৱ সাংবাদিক সন্থা ,অসমৰ কেন্দীয় সমিতিৰ সাধাৰণ সম্পাদক কাঞ্চনজ্যোতি গোহাঁইয়েও ছাত্ৰীগৰাকীৰ ঘৰলৈ গৈ সাংবাদিক সংগঠনতোৰ তৰফৰ পৰা -এখন ফুলাম গামোছা ,একোখন অভিনন্দন পত্ৰ ,তিনিখনকৈ মূল্যবান অভিধান আৰু কিছু নগদ ধনেৰে ছাত্ৰীগৰাকীক অভিনন্দন জ্ঞাপন কৰে ৷ উক্ত অভিনন্দন অনুষ্ঠানতে চাবুৱাৰ দুজন জ্যেষ্ঠ সাংবাদিক ,স্বৰূপজ্যোতি চেতিয়াৰ লগতে ত্ৰৈলোক্য দাসো সংগঠনতোৰ হৈ উপস্থিত থাকি ছাত্ৰীগৰাকীক অভিনন্দন জ্ঞাপন কৰে ৷৷

Related Articles

Leave a Reply

Close