অসম

কয়লা পৰিবাহী ট্ৰাকৰ পাৰ্কিং স্থান স্থানান্তৰৰ বাবে দামৰা বাসীৰ দাবী

প্ৰথম খবৰ, দুধনৈ, ২১ মে: দুধনৈৰ পৰা মেঘালয়লৈ যোৱা ২১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত অসম মেঘালয় সীমান্তৱৰ্তী দামৰাত স্থাপন কৰা কয়লা পৰিবাহী ট্ৰাক পাৰ্কিংৰ স্থান সলনি কৰাৰ বাবে দামৰা বাসী ৰাইজে দাবী জনাইছে। এই সম্পৰ্কত যোৱা ১৯ মে’ তাৰিখ দেওবাৰে দামৰা পাটপাৰা ৰাভা সমাজৰ স্থায়ী মেলঘৰত দামৰাবাসী ৰাইজৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী হিৰণ চন্দ্ৰ ৰায় আৰু শচীন পাটগিৰীয়ে সভাপতিত্ব কৰা সভাখনত ৰাজহুৱা স্বাৰ্থজনিত কেবাটিওঁ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সভাৰ সিদ্ধান্ত মৰ্মে-যি ঠাইত কয়লা পৰিবাহী ট্ৰাক পাৰ্কিংৰ ব্যবস্থা কৰা হৈছে সেই ঠাইতে “”দামৰা চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়, দামৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, দামৰা মাঁ দক্ষিণা কালী মন্দিৰ, মাঁ শ্মশান কালী মন্দিৰ, শিৱ মন্দিৰ আৰু আবাসিক বিদ্যালয় আছে। ৰাজহুৱা অনুষ্ঠানেৰে ভৰি থকা এনে এটি গুৰুত্বপূৰ্ণ স্থানত কয়লা পৰিবাহী ট্ৰাকৰ পাৰ্কিঙৰ স্থান বহুৱাই লোৱাত অঞ্চলটোত বায়ু প্ৰদুষণ, শব্দ প্ৰদুষন আৰু পৰিবেশ নষ্ট হোৱাৰ লগতে যিকোনো সময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছ দামৰাবাসী ৰাইজে। এই সম্পৰ্কত সংবাদ মাধ্যমলৈ দিয়া এক প্ৰেছ বিবৃতিত কোৱা হয় যে- কাৰ অনুগ্ৰহত ৰাজহুৱা স্থানত কয়লা পৰিবাহী ট্ৰাক পাৰ্কিংৰ স্থান স্থাপন কৰি পৰিবেশ বিনষ্ট কৰিবলৈ ওলোইছে তাত ৰাইজে আশ্চৰ্য কৰিছে। আনহাতে স্থানীয় ৰাইজৰ এনওচি নোহোৱাকৈ কেনেকৈ পাৰ্কিং বহুৱাব পাৰে সেয়াও ৰহস্যৰ আৱৰ্তত বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। সেয়েহে আজিৰ সভাই অনতিপলমে কয়লা পৰিবাহী স্থান স্থানান্তৰ কৰি অঞ্চলটোলৈ সুস্থ বাতাবৰণ ঘুৰাই অনাৰ বাবে এই বিবৃতি যোগে চৰকাৰ আৰু বিভাগীয় কতৃপক্ষক দাবী জনায়। সভাখনত স্থানীয় ৰাইজ আৰু দামৰা পাটপাৰা ৰাভা সমাজ, দামৰা ৰাজবংশী সমাজ, ৰাভা সমাজৰ কেবাশ ৰাইজ উপস্থিত থাকে। শেহতীয়াকৈ জানিব পৰামতে ৰাইজৰ প্ৰবল হেচা আৰু প্ৰতিবাদৰ ওচৰত সেওঁ মানি উক্ত স্থানৰ পৰা ট্ৰাক পাৰ্কিং স্থান স্থানান্তৰ কৰিছে।

Related Articles

Leave a Reply

Close