অসমবিনোদনশীৰ্ষ

‘চাইকেল নহয় টিলিঙা’ৰ প্ৰণীতা এইবাৰ সুদৰ্শন থিয়েটাৰত

সুদৰ্শন থিয়েটাৰৰ মঞ্চত নবাগতা প্ৰনীতা দেৱী৷ পূৰ্বে জনপ্ৰিয় ধাৰাবাহিকত কাম কৰাৰ অভিজ্ঞতা থকা মোহময়ী অভিনেত্ৰী প্ৰণীতা দেৱী এইবাৰ ২০১৯-২০ নাট্যবৰ্ষত সুদৰ্শন থিয়েটাৰত চুক্তিবদ্ধ হৈ প্ৰথম বাৰৰ বাবে ভ্ৰাম্যমাণ জগতত খোজ পেলাইছে।ওদালগুৰি জিলাৰ কলাইগাও সমীপৰ নিজডলা গাঁৱত বসবাস কৰা সাংবাদিক যদুমনি নাথৰ পত্নী প্ৰনীতা দেৱী সৰুৰে পৰা নৃত্য আৰু অভিনয়ৰ প্ৰতি আগ্ৰহী আছিল।অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইত নৃত্য আৰু অভিনয় কৰি ৰাইজৰ ভুয়সী প্ৰশংসা লাভ কৰিছে।বিশেষকৈ উৰিষ্যাৰ কটকত ” প্লেটৰ্ফম ” নাট প্ৰদৰ্শন কৰাৰ লগতে একেখন মঞ্চত বিহু নৃত্য, দেউধনি নৃত্য, সত্ৰীয়া, আধুনিক নৃত্য প্ৰদৰ্শন কৰিছে।কলিকতাৰ খৰগপুৰত বিহু নৃত্য ও প্ৰদৰ্শন কৰে।ভি ডি অ ছবি “লাজুকী লাজুকী খোজেৰে ,ৰং হেপাহৰ,হাস্যমধুৰ “এইবাৰ ফালি দিম” আদিত অভিনয় কৰিছিল ।

গুৱাহাটীৰ বাহাৰুল ইছলামৰ ছিগালত “বৰ্ষাসপ্ন” নাট প্ৰদৰ্শন ।বঙালী ভিডিঅ ছবি “ৰুপেৰ কুমাৰী,”ঢাকা চহেৰেৰ মেয়ে” অভিনয় কৰে।দূৰদৰ্শনৰ ধাৰাবাহিক “তিৰংগা” ত বিহু নৃত্য প্ৰদৰ্শন কৰাৰ ওপৰিও অসমৰ বিভিন্ন ঠাইত শ্ৰেষ্ঠ বিহুৱতী সন্মান অৰ্জন কৰে।।Dy365 আৰু Jonak ত সম্পচাৰিত ধাৰাবাহিক ” চাইকেল নহয় টিলিঙা “ত অভিনয় কৰে।আগন্তুক ২০১৯_২০নাট্যবৰ্ষত সুদৰ্শন থিয়েটাৰত নৱাগতা অভিনেত্ৰী প্ৰনীতা দেৱীৰ চুক্তি বদ্ধ হয়।

Related Articles

Leave a Reply

Close