Uncategorizedবিনোদন

জনপ্ৰিয় গায়িকা ময়ুৰী দত্তৰ খং

যোগীঘোপাৰ সাকোমুৃূৰাৰ বিহুতলীত উত্তপ্ত পৰিস্থিতিক লৈ আঁৰৰ কাহিনী কি? ময়ুৰী দত্তই নিজেই কৈছে৷
যোগীঘোপাৰ #সাকোমূৰা বাসী ৰাইজ আপোনালোকক এটি কথা অৱগত কৰিছো…….

আপোনালোকৰ বিহুখন ৰ মাজৰে এজন লোকে বিহুখন চুক্তি হোৱাৰ পূৰ্বে মোক দিনটোত 14/15 বাৰ ফোন কৰি কৰি কৈছিল “ভণ্টি তোমাক আমাৰ ৰাইজে বহুত ভাল পায়, কিন্তু তোমাক আমাৰ বিহুখনলৈ আনিব পৰা ক্ষমতা আমাৰ হাতত নাই, তুমি আমাক উদ্ধাৰ কৰা, তোমাক ভৰিত ধৰিছো, গান নাগালেও তুমি দেখা এটা হলেও দিবা, আমাৰ ৰাইজক কেৱল তোমাকেই লাগে, তোমাক আনিবৰ, লগতে চাবৰ কাৰণে কিছুমানে খৰিও বেছিম কৈছে, তুমি আমাক উদ্ধাৰ কৰা”
ইয়াৰ পাছত মই বহুতবাৰ ভাবিলো, তেঁও কলে 45000 টকা হাতত থকাৰ কথা আৰু মই কলো ঠিক আছে এটা কাম কৰক দাদা আপুনি মোক একো দিব নালাগে, যিহেতু আপোনালোকে ইমান মৰমেৰে, কাকোটি মিনতি কৰিছে মোক একো দিব নালাগে, 60000 এটা দিব সেইটো আমাৰ বাদ্য যন্ত্ৰী শিল্পী সকল, আমাৰ গাড়ী 3 খন আৰু মোৰ লগত গাবলৈ যোৱা লৰা জনক দিলেই হব, মই একো নলও, কাৰণ এই মাননিটোত মোলৈ এক পইছা ও নাথাকে, এই কথাটো ভাল দৰে জনালো, যিহেতু ৰাইজৰ বাবেই আমি, ভাবিলো তেওঁলোকে ইমান অকুলতাৰে বিচাৰিছে মোক মই এটকা ও নলও, sound তো তেওঁলোকেই arrenge কৰিম কলে, গতিকে তেওঁ আৰু কমিটিৰ দুজনমান সদস্যই লগ হৈ আমাৰ team manajer ৰ লগত agreement কৰিলে, মই কোৱামতে 60000 ৰ পৰা কমাই তাতো 4000 এটা হাতে ভৰি ধৰি, কাকোটি মিনতি কৰি কমাই total 56000 ত agreement কৰিলে, এতিয়া আপোনালোকক জনাও তাত আমাৰ 7 জন বাদ্যযন্ত্ৰী শিল্পী সকলৰ minimum মামনি আছিল 4500 কৈ total =31500, আমাৰ male singer =5000, আমাৰ গাড়ী 3 খন=15000, আমাৰ যিজন helper থাকে তেওঁ =1000, আমাৰ team manajer= 5000, total কিমান হল আপোনালোকেই কওক ৰাইজ, খোৱা বোৱা ধৰাই নহল, লগত মোৰ নাচনী, photographer নিনো বুলিয়েই কলো, মোৰ পাৰিশ্ৰমিক তো নালাগে বুলি কলোৱেই ,13 may, reporting time 9:30pm, আৰু 13 may ৰ দিনত কমিটিৰ পৰা 3 জন লোকে তাৰে এজনৰ নাম হৈছে #দিব্যজ্যোতি ৰয় এওঁলোকে আমাৰ team manajer ক 13 may ৰ দিনৰ ভাগত ফোন যোগেদি জনাইছিল “বাইদেউক আমি 1 বজাত মঞ্চ দিম গতিকে বাইদেউ 12:30 মানত আহি পালেই হল, 9:30 ৰ পৰা আমাৰ লোকেল প্ৰগ্ৰাম আৰম্ভ হব, আপোনালোকে 1 ঘণ্টা মান বজাই দিব, আপোনালোকৰ এজন musician তো আমাৰ local হয়, গতিকে দাদা এইটো সহায় কৰি দিবচোন, আমি যিহেতু আৰ্থিক ভাৱে একেবাৰে দুৰ্বল, আমাক উদ্ধাৰ কৰক, আপোনালোকে 9:30ত আহি পাব, লোকেল প্ৰগ্ৰাম তো ত বজাই দিব আৰু বাইদেউ 12:30ত আহি পালেই হল, 1 বজাত দিম বাইদেউ ক মঞ্চ”
গতিকে ৰাইজ চাওক, তেওঁলোকৰ আৰ্থিক দুৰ্বলতা দেখুৱাই আমাক তেওঁলোকে যিধৰণে কৈ গল তেনেধৰণেই কৰি গলো, 12:30 গৈ পাব কৈছিল ঠিক সেইমতে মই গৈ উপস্থিত হৈছিলো 12:20 ত ,তাৰ কিছুমান স্থানীঅ ৰাইজ লগতে আৰক্ষী সকলো সাক্ষী আছিল, তাত গৈ দেখা পালো বৰষুণত গোটেই মঞ্চ পানী আৰু পানী, খোলা মঞ্চ, অৱশ্যে তেতিয়াও লোকেল প্ৰগ্ৰেম চলি আছিল, আমাৰ বাদ্যযন্ত্ৰী শিল্পী সকলে বজাই আছিল কিন্ত খোলা মঞ্চ ত দৰ্শক এজনো নাছিল, চাৰিওফালৰ কেৱল বৰষুণ, তাত গৈ জানিব পৰা মতে 56000 তো দুৰৰ কথা আমাৰ বাদ্যযন্ত্ৰী শিল্পী সকলক দিবলৈও তেওঁলোকৰ টকা যোগাৰ নাছিল, যাৰ ফলত তেওঁলোকে এই ভেকুৱাওনা খন ৰচনা কৰিলে, তেওঁলোকে হে তেওঁলোকৰ নিজা আৰ্থিক অৱস্থা তো অসমৰ ৰাইজৰ আগত উদঙাই দিলে আমাৰ চুক্তি পত্ৰখন সকলোকে দেখুৱাই, আপোনালোকক আমাৰ এইখিনি কথা নজনালো হেতেন যদিহে তেওঁলোকে থগ প্ৰবঞ্চনাৰে কৰা চুক্তি পত্ৰ খন এইদৰে social media ত প্ৰকাশ নকৰিলে হেতেন, অৱশ্যে এই অভিজ্ঞতাৰ পৰা আমি এটা ভাল শিক্ষা লৈছো কিছুমান এনেকুৱা ধৰণৰ ঠগ প্ৰবঞ্চক ৰ পৰা সকলোকে বাছি থাকিবলৈ আহ্বান জনাইছো,
এতিয়া ৰাইজ আপোনালোকেই বিবেচনা কৰি চাওক

Related Articles

Leave a Reply

Close