অসম

জনপ্ৰিয় তাবলাৰ প্ৰশিক্ষক জোন কোঁৱৰৰ অকাল মৃত্যঃ অনুষ্ঠান-প্ৰতিষ্ঠানৰ শোক

প্ৰথম খবৰ , শিৱসাগৰ, ২০ মে’- শিৱসাগৰ জিলাৰ আমগুৰিৰ জনপ্ৰিয় তবলাৰ প্ৰশিক্ষক তথা বাদ্যযন্ত্ৰী জোন কোঁৱৰ (৩২) হেপাটাইটিছ ৰোগত আক্ৰান্ত হৈ হোৱা অকাল মৃত্যুয়ে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। যোৱা ১৭ মে’ত জ্বৰত আক্ৰান্ত জোন কোঁৱৰক আমগুৰিৰ এখন ব্যক্তিগত ক্লিনিকত ভৰ্তি কৰাৰ পাছত কিছু সুস্থ হৈ উঠাত ঘৰলৈ অনা হৈছিল যদিও ১৮ মে’ত পুনৰ অসুস্থ হোৱাত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয়। কিন্তু চিকিৎসাধীন অৱস্থাতে দিনৰ ১-৪০ বজাত তেওঁৰ মৃত্যু হয়। সংগীত শিল্পীজনে নিয়মীয়াকৈ আগ্ৰহীসকলক তাবলাৰ প্ৰশিক্ষণ দি অহাৰ লগতে মানস ৰবিনৰ দৰে জনপ্ৰিয় শিল্পীৰ লগত বাদ্যসংগত কৰি আহিছিল। আমগুৰিৰ দোপদৰ বৰুৱা পুখুৰী কোঁৱৰ গাঁৱৰ সৰু মইনা কোঁৱৰ আৰু ভোগেশ্বৰী কোঁৱৰৰ কণিষ্ঠ পুত্ৰ জোন কোঁৱৰে মৃত্যৰ সময়ত পিতৃ-মাতৃ, তিনিজন ককায়েক, নবৌয়েক, ভগ্নী, ভতিজা, ভাগিনৰ লগতে আত্মীয়-স্বজনক এৰি থৈ গৈছে। তেওঁৰ মৃত্যুত শিৱসাগৰ জিলা সাহিত্য সভা, শিৱসাগৰ জিলা সাংবাদিক সংস্থা, বৃহত্তৰ শিৱসাগৰ জিলা সাংবাদিক মঞ্চ, ৰংপুৰ সাহিত্য সভা, কলঞ্চুপাৰ সাহিত্য সভা, পি চি পি ডিৰ শিৱসাগৰ জিলা সমিতি, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতি, সমন্বয়- বৰ অসমঃ এক সামাজিক-সাংস্কৃতিক মঞ্চ, ক্ৰীড়ানুষ্ঠান ‘ৰংপুৰ জ্যোতি ক্লাৱ’, ‘ৰংমন’, শিৱসাগৰ নাট্য বিদ্যালয়, পাৰিজাত সংঘ, ‘নাৰায়নকান্তি সংগীত চৰ্চা কেন্দ্ৰ’, গ্ৰন্থ প্ৰকাশন সংস্থা ‘প্ৰজ্ঞা’, মাহেকীয়া আলোচনী ‘সমাহাৰ’, শিশু-আলোচনী ‘মইনাৰ পাৰিজাত’, কাব্যালোচনী ‘সঁজাল’ৰ লগতে বহু অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে।

Related Articles

Leave a Reply

Close