অসমবিনোদনশীৰ্ষ

জোনাইৰ আদালতত সীমান্ত শেখৰৰ বিৰুদ্ধে গোচৰ, সীমান্তৰ ক্ষমা প্ৰাৰ্থনা

প্ৰথম খবৰ ব্যুৰ’:
মিছিং জনগোষ্ঠীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্যৰ অভিযোগক লৈ জনপ্ৰিয় গায়ক সীমান্ত শেখৰৰ বিৰুদ্ধে জোনাইৰ আদালতত গোচৰ তৰিছে চাৰিজনকৈ যুৱকে৷ বিহুৰ এক অনুষ্ঠানত জনগোষ্ঠীটোৰ বিৰুদ্ধে মন্তব্য দিয়াৰ অভিযোগক লৈ গোচৰ তৰা যুৱক কেইজন হৈছে গৌতম পেগু, মনোজ কুমবাং, হোমেন পগু আৰু ধীৰাজ মিৰি৷ ইপিনে, এই ঘটনাৰ পিছত জনগোষ্ঠীটোৰ ওচৰত ক্ষমা প্ৰাৰ্থনা জনাইছে সীমান্ত শেখৰে৷ ক্ষমা বিচাৰি সীমান্ত শেখৰে লিখিছে– “বৃহত্তৰ অসমীয়া জাতিৰ এক অন্যতম অলংকাৰ মিছিং জনজাতিৰ প্ৰতি মোৰ সন্মান আৰু মৰম সীমাহীন। মই সৰুৰে পৰা ঐনিতমৰ সুৰ শুনি ডাঙৰ হৈছোঁ। ঐনিতমৰ সুৰে মোক আজিয়ো পুলকিত কৰে।
তেনেস্থলত মই মিছিং সমাজক অপমান কৰা বুলি যিষাৰ কথা প্ৰচাৰ কৰা হৈছে তাত মই অত্যন্ত দুখ পাইছোঁ। হয়,দুষাৰ কথা ধেমালিৰ সুৰত গীত গাওঁতে কৈ পেলালোঁ আৰু সেইয়া মোৰ সঁচাকৈয়ে ভুল হ’ল। সেই ভুল অনিচ্ছাকৃত আৰু সেয়ে সমূহ মিছিং সমাজৰ ওচৰত মই আজি ক্ষমা বিচাৰিছোঁ। আপোনালোকৰ ওচৰত মই সদায় ঋণীহৈ ৰ’ম। মাথোঁ আপোনালোকৰ নিজৰ ভাই আৰু বন্ধু হিচাপে মোক ক্ষমা কৰি দিয়ে যেন। মই কথা দিলোঁ আগলৈ আৰু এনেকুৱা আপোনালোকে মোৰ পৰা একো নুশুনে । মোক মাথোঁ মোৰ প্ৰতি আপোনালোকৰ থকা মৰম আৰু ভাল পোৱা খিনি আকৌ উভতাই দিয়ক । যাতে মই আগলৈ মিছিং সংস্কৃতিৰ ওপৰত আৰু অধিক কাম কৰি আগবাঢ়ি যাব পাৰো ।
সদৌ শেষত মিছিং আই মাতৃ, ভাই-ককাই, বন্ধু-বান্ধৱী, বাই-ভনী সকলোৰে ওচৰত অলেখ আশাৰে আকৌ ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আশা কৰোঁ সকলো পাহৰি মোক আকৌ এবাৰ আপোন বুলি ক্ষমা কৰি দিব।”— উল্লেখ্য যে, জনগোষ্ঠীটোৰ বিৰুদ্ধে বিগত তিনি মে’ত দেৰগাঁৱৰ এক অনুষ্ঠানত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ আছে৷
Image courtesy- Facebook

Related Articles

Leave a Reply

Close