অসম

ডুমডুমাত আন্তঃ বিদ্যালয় কাবাদী প্ৰতিযোগিতাৰ সামৰণি

ডুমডুমা , ২৬মে’ :- ডুমডুমাৰ ৰূপাই চাইডিঙত অৱস্থিত মৰ্ডাণ একাডেমী বিদ্যালয়ে আয়োজন কৰা দুদিনীয়া আন্তঃ বিদ্যালয় চাব জুনিয়ৰ কাবাদী প্ৰতিযোগিতাৰ আজি সামৰণি পৰে ।
আজি অনুষ্ঠিত ল’ৰাৰ শাখাৰ ফাইনেলত মডাৰ্ণ একাডেমী – ‘ক’ দলে চেইণ্ট জেভিয়াৰছ স্কুলক ৪১ – ১৮ পইন্টত পৰাজিত কৰি চেম্পিয়ন হয় । আনহাতে , ছোৱালীৰ শাখাত বান্দৰখাটি হাইস্কুলে মৰ্ডাণ একাডেমীক ২১ – ১৫ পইন্টত পৰাজিত কৰি চেম্পিয়ন হয় । ল’ৰাৰ শাখাত মডাৰ্ণ একাডেমীৰ অংকুৰ মৰাণ আৰু ছোৱালীৰ শাখাত বান্দৰখাটি হাইস্কুলৰ ৰুমী বিভাৰে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বটা লাভ কৰে।
খেলৰ অন্তত হোৱা বটা বিতৰণী সভাত ক্ৰীড়া সং গঠক দেবেন ডেকা , মৰ্ডাণ একাডেমীৰ অধ্যক্ষ প্ৰভাত বিকমীয়া দেউৰী , বান্দৰখাটি হাইস্কুলৰ শিক্ষক সত্যজিৎ দত্ত আৰু প্ৰতিযোগিতাৰ ৰেফাৰী মুনীন্দ্ৰ চুতীয়াই পুৰস্কাৰসমূহ বিতৰণ কৰে।

Related Articles

Leave a Reply

Close