অসম

ঢেকীয়াজুলিত বিকল পানী যোগান আঁচনি

প্ৰথম খবৰ, ঢেকীয়াজুলি:

শোণিতপুৰ জিলা ঢেকিয়াজুলি সমষ্টিৰ ভোটপাৰা গাওঁ পঞ্চায়তৰ অন্তগৰ্ত ১ নং সূৰ্য্যপূৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্বহীনতাৰ বাবে বছৰ বছৰ ধৰি বন্ধ হৈ আছে পানী যোগান আচঁনি ৷নদী কুঁৱা খাল বিলৰ আইৰন যুক্ত পানী সেৱন কৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈছে গাওঁবাসী ৷অঞ্চলটোত থকা সূৰ্য্যপুৰ পানী যোগান আচঁনিটোৱে ১ নং সূৰ্যপুৰ;২ নং সূৰ্য্যপুৰ;ভোটপাৰা ইত্যাদি কেইবাখনো গাঁৱৰ ৰাইজক প্ৰথম অৱস্থাত উপক্‌ত কৰিছিল কিন্তু আচঁনিটো হঠাৎ এবছৰ ধৰি বন্ধ হৈ থকাত বিশুদ্ধ খোৱাপানীৰ অভাৱত নদী কুঁৱা খাল বিলৰ আইৰন যুক্ত পানীকে সেৱন কৰিছে গাওঁ কেইখনৰ সাধাৰণ ৰাইজে ৷যাৰ ফলত বিভিন্ন ৰোগত আক্ৰান্ত হৈছে গাওঁবাসী ৷বছৰ দিন ধৰি বিকল হৈ থকা সূৰ্য্যপুৰ পানী যোগান আচঁনিটো মেৰামতি কৰিবলৈ আহৰি নাই বিয়াগোম বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ ৷পৰিবৰ্তনকামী চৰকাৰৰ দিনত এতিয়া খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে গঞা ৰাইজে ৷শীঘ্ৰেই সূৰ্য্যপুৰ পানী যোগান আচঁনিটো মেৰামতি গাঁৱবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰি উপক্‌ত কৰিবলৈ চৰকাৰক আহবান জনাইছে স্হানীয় গাওঁবাসীয়ে ৷

Related Articles

Leave a Reply

Close