অসম

নলবাৰীত কৃতী শিক্ষকৰ মৃত্যুত শোক

নলবাৰীত কৃৰ্তি শিক্ষক ভৃগু দত্ত শৰ্মাৰ মৃত্যুত শোক

প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ ,নলবাৰী ,২৫ মে – নলবাৰীৰ বৰকুৰা নিবাসী অৱসৰী কৃৰ্তি শিক্ষক ভৃগু দত্ত শৰ্মাৰ আজি মৃত্যু হয় । এজমা ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিনৰ পৰা চিকিৎসা গ্ৰহণ কৰি মৃত্যু হোৱা শৰ্মাৰ বয়স হৈছিল ৬৯ বছৰ । উল্লেখ্য অৱসৰৰ পিছত প্ৰয়াত শিক্ষক শৰ্মাই বিভিন্ন সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানত জৰিত আছিল । ইফালে বৰকুৰা দেৱী দত্ত শৰ্মা প্ৰাথমিক বিদ্যালয়ৰ ভূমি দাতা আৰু প্ৰতিষ্ঠাপক শিক্ষক হিচাপে যোগদান কৰি ২০১১ চনৰ ডিচেম্বৰ মাহত অৱসৰ গ্ৰহণ কৰে । প্ৰয়াত শৰ্মাৰ মৃত্যু নলবাৰী সমষ্টি বিধায়ক অশোক শৰ্মা সহ বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰে আৰু পৰিয়ালক সমবেদনা জ্ঞাপন কৰে । মৃত্যুৰ সময়ত প্ৰয়াত শিক্ষক ভৃগু দত্ত শৰ্মাই পত্নী, দুই পুত্ৰ, দুই কন্যা, নাতি নাতিনী সহ বহু গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায় ।

Related Articles

Leave a Reply

Close