অসম

নলবাৰীত জুৱাৰ আড্ডা, আৰক্ষীৰ অভিযান

প্ৰথম খবৰ, নলবাৰীঃ ১১ মে – নলবাৰী সদৰ থানাৰ অন্তৰ্গত বাহঁজানীৰ এলেংগীদলত ভঠেলী উৎসৱৰ গইনা লৈ ব্যৱসায় চলোৱা দুই জুৱাৰী আজি আবেলি নলবাৰী আৰক্ষীৰ জালত পৰে। উল্লেখ্য যে, ভঠেলী উৎসৱৰ সময়তে কেইজনমান আৰক্ষীৰ লোক আহি উক্ত স্থানত উপস্থিত হয়। প্ৰথমে লোক কেইজনে আৰক্ষী অহা সম্ভেদ নাপায় আৰু আৰক্ষী জুৱাৰি খেদি যোৱাত ওচৰতে থকা পথাৰৰ মাজলৈ জুৱাৰিসকল পলাই যায় ৷ পৰৱৰ্তী সময়ত দুই এজনে পলায়নৰ বাবে চেষ্টা কৰোতে আৰক্ষীৰ দলটোৱে দুই জুৱাৰীক কৰায়ত্ব কৰাৰ লগতে জুৱাৰীৰ সামগ্ৰী জব্দ কৰাৰ লগতে দুচকীয়া বাহন সহ চাকেল জব্দ কৰি থানালৈ লৈ যায়। আটকাধীন জুৱাৰী কেইজন সম্প্ৰীতি থানাতে ৰখা হৈছে ৷ আনহাতে, দীৰ্ঘদিন ধৰি বিশেষকৈ বাহঁজানীৰ প্ৰতিটো চ’কত ভঠেলীৰ নামত প্ৰতিটো সৰু বৰ চ’কত একাংশ ই প্ৰতিদিনে চলাই গৈছিল জুৱা ৷ বাহঁজানী অঞ্চলৰ সচেতন লোকে অভিযোগ কৰা মতে সাধাৰনতে বহাগ মাহৰ ১ তাৰিখৰ পৰা ৩০ তাৰিখলৈ নামনি অসমত এই ভঠেলী উৎসৱ পালন কৰা হয় যদিও এতিয়া এই উৎসৱৰ লগত জড়িত একাংশ ই যধে মধে নিজৰ সুবিধা আদায় কৰা অৰ্থে ভঠেলীৰ নামত জুৱা খেল চলাই আছে ৷ উল্লেখ্য যে, উক্ত অসামাজিক খেল সমূহৰ লগত নৱ প্ৰজন্মৰ লগতে কিছু সংখ্যক স্কুলীয়া ছাত্ৰ সকলো আসক্ত হোৱা পৰিলক্ষিত হৈছে। নলবাৰী সদৰ আৰক্ষীৰ এই পদক্ষেপক ৰাইজে প্ৰশংসা কৰে ৷

Related Articles

Leave a Reply

Close