অসমশীৰ্ষ

নলবাৰীৰ নিকিতা উজলিল সপ্তম স্থানত

প্ৰাঞ্জল শৰ্মা,প্ৰথম খবৰ , নলবাৰী ,১৫ মে’:- হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি ঘোষিত ফলাফলত নলবাৰী চহৰৰ ছাত্ৰীয়ে স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। চহৰৰ অগ্ৰণী শিক্ষানুষ্ঠান লিটিল ফ্লাৱাৰ্ছ স্কুলৰ নিকিতা কলিতাই ৰাজ্যখনৰ ভিতৰতে সপ্তম স্থান দখল কৰিছে। নলবাৰী বিদ্যাপুৰ নিবাসী তথা গ্ৰামীণ বিকাশ বেংকৰ বিষয়া গোপাল কলিতা আৰু গীতা কলিতাৰ তৃতীয় কন্যা নিকিতাই তেওঁৰ সাফল্যৰ মূলতে ভগৱানৰ আশীৰ্বাদ বুলি কোৱাৰ লগতে পিতৃ মাতৃ আৰু লিটিল ফ্লাৱাৰ্ছ স্কুলৰ শিক্ষাগুৰুসকলৰ অৱদানক শ্ৰদ্ধাৰে স্বীকাৰ কৰে। অসমীয়া বিষয়ৰ বাহিৰে সকলো বিষয়তে ঘৰুৱা টিউচনৰ সহায় লোৱা ছাত্ৰীগৰাকীয়ে অসমীয়াত ৯৫,ইংৰাজীত ১০০, সাধাৰণ গণিতত ১০০,সাধাৰণ বিজ্ঞানত ৯৭ , সমাজ অধ্যয়নত ৯৭ আৰু উচ্চ গণিতত ৯৮ নম্বৰসহ মুঠ ৫৮৭ নম্বৰ লাভ কৰিছে। সৰুৰে পৰা মানৱ সেৱাৰ প্ৰতি আগ্ৰহী কৃতী শিক্ষাৰ্থী নিকিতাৰ সদ্যহতে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত নামভৰ্তি কৰি পৰৱৰ্তী সময়ত চিকিৎসক হোৱাৰ মন। নিৰ্দিষ্ট পাঠ্যক্ৰমৰ লগতে বিভিন্ন বিষয়ৰ বাহিৰা কিতাপ পঢ়াৰ চখ থকা নিকিতাই তেওঁৰ অনুজসকলৰ উদ্দেশ্যি কয় যে যত্ন কৰিলে ৰত্ন পোৱা যায়। ইপিনে ৰাজ্যখনৰ ভিতৰতে নিকিতাই সপ্তম স্থান দখল কৰি গৌৰৱ কঢ়িওৱাত লিটিল ফ্লাৱাৰ্ছ স্কুলত উছবমুখৰ পৰিবেশৰ সৃষ্টি হয়। ছাত্ৰ- ছাত্ৰী ,শিক্ষক-শিক্ষয়িত্ৰী,অভিভাৱক আৰু শুভাকাংক্ষীসকলে মেধাৱী ছাত্ৰীগৰাকীক সম্মুখত লৈ চহৰৰ বিভিন্ন পথেৰে এটা বিজয় সমদল উলিয়ায়।
সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি সংশ্লিষ্ট বিদ্যালয়লৈ গৈ স্থান লাভ কৰা কৃতী ছাত্ৰী গৰাকীক অভিনন্দনপত্ৰ প্ৰদান কৰি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলকো সম্বৰ্ধনা জনায়।। ইফালে লিটিল ফ্লাৱাৰ স্কুলৰ অধ্যক্ষা বিভা বুজৰবৰুৱা, শিক্ষক শশীন্দ্ৰ শৰ্মা, দ্বীপা ভট্টাচাৰ্য, দীপিকা মজুমদাৰ, মনোজ বৰ্মন প্ৰমূখ্যে শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী সকলে কৃৰ্তি ছাত্ৰ নিকিতা কলিতাক আশীৰ্বাদ দি আগত সময়ত পুনৰ সফলতা কামনা কৰে ।

Related Articles

Leave a Reply

Close