অসমনিবন্ধ

পৰাগমণি আদিত্যৰ লেখা: গোবৰৰ ভেৰত মূৰ

মূৰত গোবৰ থকা বা গোবৰৰ ভেৰত মূৰ থকা কিছুমান মানুহে সকলোতে সাংবাদিকৰ দোষ দেখে। গোবৰৰ ভেৰ যদি নহয় তেনে লোক অপৰাধী, লম্পট অথবা দুৰ্নীতিগ্ৰস্ত হয়। অভিজ্ঞতাৰ পৰা কৈছো। সাংবাদিকৰ পৰা একোব খাই থৈছে।

মই নিজে বিশ বছৰে আমচাঙৰ বেদখলৰ বাতৰি কৰিছো। মই গুৱাহাটীলৈ অহাৰ দিন ধৰি দেখিছো, নিজে আৰু বহু সাংবাদিকে ভাবুকিলৈ কেৰেপ নকৰাকৈ বাতৰি কৰিছে। ভালেকেইজন সাংবাদিক বেদখলকাৰীৰ হাতত আক্ৰান্ত হৈছে। এইবোৰ বাতৰি দিওঁতে আমাৰ কেইটামান মানুহে গোবৰৰ ভেৰত মূৰ গুজি থাকে। মই নিজে আমচাঙৰ উচ্ছেদৰ নামত চলা বে আইনী কাৰ্যৰ শ্ব’ কৰিছো ঘটনাস্থলীলৈ গৈ। সেয়া ম্যাদী মাটি আৰু ‘ভুলতে’ উচ্ছেদ কৰা বুলি খোদ উচ্চ ন্যায়ালয় পতিয়ন গ’ল। তেতিয়াও একাংশই মূৰ গোবৰৰ ভেৰত গুজি থৈছিল। বনভূমিৰ কাষত থকা জনজাতি সকল বেদখলকাৰী নহয়।

সোনাপুৰত চিমেন্ট কাৰখানা আমচাঙৰ পাঁচ কিল’মিটাৰ ভিতৰত। সেইফালে সীমা দহকিল’মিটাৰ পিছুৱাই আনি পশ্চিম ফালে দহকিল’মিটাৰ আগুৱাই আনি উচ্ছেদ কৰিছিল। এই বাতৰি/শ্ব কৰোতেও কিছুমানৰ মূৰ গোবৰৰ ভেৰতেই থাকিল।

সাৰ পালে এই পোষ্ট দিওঁতে। তেওঁলোকে নাজানে মহানগৰ এখনত এনে জৰুৰী অৱস্থাৰ সৃষ্টি হ’লে তৎক্ষণাত খবৰ দিয়াতো সাংবাদিকৰ প্ৰথম আৰু পবিত্ৰ কৰ্তব্য। মহানগৰৰ পথত দ্বিতীয়, তৃতীয় শ্ৰেনীৰ ছাত্ৰ ছাত্ৰীয়েও অকলে অহা যোৱা কৰে। বৃদ্ধ আৰু ৰুগীয়া থাকে। হাজাৰ হাজাৰ লোক থাকে। বিপদ হ’ব পাৰে।

কিন্তু গোবৰৰ ভেৰত মূৰ গুজি থকা সকলে নাজানে-এইবাৰ বৰবাৰীত দুনিশা হাতী ৰাজপথত ঘূৰি আছিল। সাৰে আছিল বনৰক্ষী আৰু সাংবাদিক। হাতী পাঞ্জাবাৰীত ঘূৰি আছিল। দুই তিনিদিনৰ মূৰে মূৰে। দিনে দুপৰে। সাংবাদিক আছিল। তেতিয়াও মূৰটো গোবৰৰ ভেৰতে আছিল।

সেনা শিবিৰত হাতীৰ পথ বন্ধ কৰিলে। হাতী মৰিল। তেতিয়াও কেইজনমানৰ মূৰ গোবৰৰ ভেৰত। যোৰাবাট তিনিআলিৰ পৰা সোনাপুৰলৈ বে আইনী আবন্টনেৰে পাহাৰৰ মাটি ভগাই ল’লে শক্তিশালী লবীয়ে। সেই খবৰ দিওঁতে কিছুমানৰ মূৰ গোবৰৰ ভেৰত।

আমচাঙত কাঠ কাটি গুৱাহাটীৰ ডিপোট বেছে। তাৰে ‘মহানাগৰিকে’ অট্টালিকা সাজে। তেতিয়াও মূৰ গোবৰৰ ভেৰত।

কিন্ত হাতীটো গনেশগুৰি পোৱাৰ লগে লগে তাৰ খবৰ ল’বলৈ সকলোৰে হুৱা-দুৱা লাগিল। এইবাৰ গোবৰৰ ভেৰৰ পৰা মূৰ উলিয়ালে। এইশ্ৰেনীটোৱে খবৰ গ্লেমাৰাছ হ’লে মূৰ উলিয়াই ‘ইন্টে লেকচাৰ’ দিয়ে। হাতীটোত গ্লেমাৰ দেখিলে।

বচ! হৈ গ’ল!!

ফটা লেকচাৰ। গুৱাহাটীৰ ছটা চেনেল, সাত আঠখন পেপাৰ। কেইজনমান সাংবাদিকে আছে ঘটনাস্থলীত। তেওঁলোকেই যতকূটৰ ঘাই। দুটামানৰ লেকচাৰ আৰু ট্ৰল। তেওঁলোক আকৌ গোবৰৰ ভেৰত সোমাব।

কিন্ত অৰণ্য আৰু জন্তুৰ বাবে অসমৰ সাংবাদিক থাকি যাব। ১৯৯১ চনতে প্ৰণয়দাই আজিৰ বাতৰিত আৰণ্যক পেজ কৰিছিল। আমচাঙৰ কথা তেতিয়াই ওলাইছিল। সেয়া আৰম্ভনি। অৰণ্যৰ বাবে যুজি সাংবাদিক মৰিল। বনমাফিয়াৰ বিৰুদ্ধে যুজ দিয়া সাংবাদিক ৰহস্যজনক দুৰ্ঘটনাটো নিহত হৈছে। অপহৃত হৈছে। অৰণ্য আৰু বন্যপ্ৰাণী ভাল পোৱাৰ বাবে মুবিনা বাইদেউকে ধৰি কেবাজনো সাংবাদিক বৃত্তি এৰি এক্টিভিষ্ট হ’ল। নন্দনে নিশা এক-দুইবজাতো দুৰ্ঘটনাগ্ৰস্ত জীৱ-জন্তু বিচাৰি ফুৰে। অসমৰ প্ৰায় প্ৰতিটো হাউছত দায়বদ্ধ পৰিবেশ কৰ্মী আছে। কাকত চেনেল বন ধ্বংসৰ বাতৰিৰে ভৰি থাকে। সোনাই ৰূপাই- লাওখোৱাৰ বনমাফিয়াৰ বিৰুদ্ধে যুজা সকল সাংবাদিক। অনুৰাধা বাইদেৱে এখন উপন্যাসো লিখিছে আমাচাঙক বিষয়ৰূপে লৈ।

তেওঁলোকে আজিৰে পৰা আকৌ গোবৰৰ ভেৰত মূৰ সোমাৱাব। গ্লেমাৰাছ খবৰ শুঙি ফুৰিব।

আৰু যদি এবাৰ পালে? হৈ গ’ল

আন সময়ত যে ওলাই থাকে আমচাঙৰ খবৰবোৰ!

ধূৰ! সেইবোৰ কিবা খবৰনে? ফাল্টু খবৰ দিয়ে আমাৰ সাংবাদিকে!!!

গোবৰৰ ভেৰতে চেপচেপায।

আমচাং হওক, ভূটান সীমান্ত হওক, গোৱালপাৰা হওক; বা যতেই নহওক, অসমৰ সাংবাদিকে বনাঞ্চল আৰু বন্যপ্ৰাণীৰ বাবে কাম কৰোতে সাংবাদিক হৈ নাথাকে। এক্টিভিষ্ট হৈ যায়। প্ৰাণ দিছে। তেজ দিছে। শৰীৰৰ অংগ দিছে। অসমৰ আটাইকেইটা চেনেলত প্ৰকৃতি আৰু বন্যপ্ৰাণী ভাল পোৱা মানুহ দায়িত্বত আছে।

জেছিবিৰে(এক্সকেভেটৰ) মাটি খান্দিলেও ৰৈ ৰৈ চাই থকা কেইটামানে তেওঁলোকৰ ওপৰত কথা কয়।

Related Articles

Leave a Reply

Close