অসমনিবন্ধশীৰ্ষ

পৰাগমণি আদিত্যৰ লেখা: চিন্তনীয়

যোৱা এমাহতে চালানী মাছৰ দাম গড় হিচাপত প্ৰতি কিলোগ্ৰামত ৩০ টকা পৰ্যন্ত বাঢ়িছে। চিমেন্টৰ দাম বেগত ২০ টকা বাঢ়িছে। লো-তীখা-প্লাষ্টিক-চিন্থেটিক আদিৰ ঘৰুৱা ব্যৱহাৰৰ সামগ্ৰীৰ দাম ৩০% পৰ্যন্ত বাঢ়িছে।

দাম বঢ়া নাই ক্ষুদ্ৰ খেতিয়কে উৎপাদন কৰা সামগ্ৰী আৰু নিৰ্দিষ্ট কেইবিধমান ঔষধৰ। এবিধ ঔষধৰ দাম যদি বঢ়া নাই আনবিধ যোৱা সময়চোৱাত ৫০০% পৰ্যন্ত বাঢ়িল।

আচৰিতভাৱে দেশৰ মূল খণ্ডকেইটা ভাঙি চুৰমাৰ হৈ পৰাৰ ফলত নিৰ্দিষ্ট কেইটামান পূজিপতি গোষ্ঠীৰ প্ৰৱেশ ঘটাৰ পথ সূচল হ’ল। বিএচএনএলক ফ’ৰ জি ৰোল আউট কৰাৰ অনুমতি নিদি কাক সহায় কৰিলে চৰকাৰে। টেলিকম খণ্ড চুৰমাৰ কৰি এটা প্ৰতিষ্ঠানক সুবিধা কৰি দিলে?

বেংক খণ্ড চাপত পৰাৰ ফলত কোনটো কোম্পানীৰ লাভ বেছি হ’ল সেয়া অনাগত দুবছৰত চকুত পৰিব।

NBFC খণ্ডত দেখা দিয়া মন্দাৰ বাবেই হাজাৰ হাজাৰ লোকে চাকৰি হেৰুৱালে।

অসামৰিক বিমান খণ্ড বিপদত পৰাত নতুন প্ৰতিষ্ঠানৰ বাবে উৰ্বৰ ভূমি সাজু হৈছে। লাভ কোনে উঠাই তাৰ বাবেহে সময়ে অপেক্ষা কৰি আছে।

গৃহ নিৰ্মাণ খণ্ডৰ অৱস্থা সকলোৱে জানেই।

বিমুদ্ৰাকৰণ আৰু জিএছটিয়ে সকলোতকৈ ক্ষতি কৰিলে ক্ষুদ্ৰ ব্যৱসায়ীক। লক্ষ্য কৰিবলগীয়া কথাটো হ’ল-এই সময়চোৱাটে Online Retail আৰু Organised Retail খণ্ড মজবুট হৈ পৰিল। মুঠতে বৃহৎ পূজিপতি কোম্পানীৰ জয়জয়কাৰ।

যাত্ৰী পৰিবহন ব্যৱস্থাটো বৃহৎ কোম্পানীৰ হাতলৈ গ’ল আৰুগাড়ীৰ মালিকসকল নিজৰ গাড়ীতে কমিচনভোগী এজেন্টত পৰিণত হ’ল।

অহা দুবছৰত আমাৰ গেলামাল, বস্ত্ৰ আৰু ষ্টেচনাৰী দোকানীসকল নিজৰ দোকানতে কমিচনভোগী এজেন্টত পৰিণত হ’ব। উবেৰ-অলাৰ ড্ৰাইভাৰৰ দৰে।

সকলোফালে বিদেশী বৃহৎ এগ্ৰিগেটৰ কোম্পানী আহি ব্যৱসায় তচনচ কৰি পেলাইছে। হোটেল-ৰেষ্টুৰেন্ট এতিয়া অয়’-চুইগী-জুমাত’ৰ দখলত।

এশশতাংশ গ্ৰাহক এগ্ৰিগেটৰ কোম্পানীৰ পৰা আহিবলৈ আৰম্ভ কৰাৰ মূহূৰ্ততে এই কোম্পানীসমূহে আৰম্ভ কৰিব আচল খেল।

এই কোম্পানীসমূহক এক্সিকিউটিভ নালাগে-হেল্পাৰ লাগে। মানে ধৰক-পকৰী বেপাৰী লাগে, ড্ৰাইভাৰ লাগে-ডেলিভাৰী বয় লাগে, পেকেজিং বয় লাগে, ছেমি স্কিলড ৱৰ্কাৰ লাগে আৰু ক্ষুদ্ৰ উৎপাদক লাগে-যি নিজৰ ঘৰতে এগ্ৰিগেটৰ কোম্পানীৰ হৈ সুলভ মূল্যত কাম কৰিব পাৰে।

মই নুসুধিলেও আপোনালোকে ক’ব পাৰিব চৰকাৰে এনে মানৱসম্পদ তৈয়াৰ কৰাত আগভাগ লৈছে নে নাই!

এনে এটা বানিজ্যিক মডেল অলপতে অধ্যয়ন কৰিছিলো। এটা ডেইৰী কোম্পানীৰ এশজন কৰ্মচাৰী আছিল। তেওঁলোকৰ দৰমহা আৰু অন্যান্য খৰচ হিচাপ কৰি দেখিলে লাভ ক’ম হৈছে আৰু অধিক লাভ কৰাৰ পথ আছে। তৎক্ষণাত কোম্পানীটোৱে এশজন কৰ্মচাৰীক বেংকৰ ঋণ যোগান ধৰি গৰু পোহাৰ ব্যৱস্থা কৰি গাখীৰ কিনি লোৱাৰ প্ৰস্তাৱ দিলে। নিজে মালিক হোৱাৰ আনন্দত সকলোৱেই গাই পুহি কোম্পানীক গাখীৰ বেছিবলৈ ল’লে। ধৰি লওক বজাৰত একলিটাৰ গাখীৰৰ দাম পঞ্চাশ টকা। আগতে কোম্পানীয়ে ৫০ টকা দামৰ একলিটাৰ গাখীৰ পাবৰ বাবে গড়ে ১০ টকা কৰ্মচাৰীৰ বাবদ ব্যয় কৰিছিল। এতিয়া তেওঁলোকে পঞ্চাশ টকাতে গাখীৰ কিনে-কিন্তু কৰ্মচাৰী আৰু আনুসংগিক খৰচ এটকাও নহয়।

উৎপাদকক যদি বেতন নিদিয়াকৈ শ্ৰমিকৰূপে ব্যৱহাৰ কৰিব পাৰি তেনেহ’লে এনে কোম্পানীৰ লাভ।

কুকুৰা পালক(ব্ৰইলাৰ) সকল এতিয়া নিজৰ ঘৰতে কোম্পানীৰ দৰমহা নিদিয়া শ্ৰমিক। গৰু-কুকুৰাৰ দানাৰ দাম দুমাহত প্ৰতি বেগত এশ টকা পৰ্যন্ত বাঢ়িছে।

সেয়াই হৈ আছে। ভাৰততো যোৱা ষাঠি মাহত চৰকাৰে এজন জেফ বেজোচৰ সৃষ্টি কৰিলে। যি সকলে তেওঁক চিনি নাপায়, দুবছৰ ৰওক। ভালকৈ চিনি পাব।

Related Articles

Leave a Reply

Close