অসমশীৰ্ষ

বাকচক টেবুল বনাই পঢ়া মৰমীৰ মেট্ৰিকত ডিষ্টিংশ্যন

*বিদ্যালয়ৰ দুৰৱস্থাৰ বাবে প্ৰায়ে বৰষুণত তিতি, গৰমৰ দিনত চোতালত বহি স্কুলীয়া শিক্ষা লাভ কৰা এগৰাকী ছাত্ৰী মৰমী তালুকদাৰ*

লৱ কুমাৰ দাস , শালবাৰী:

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৮৬.৮৩ শতাংশ নম্বৰেৰে ডিষ্টিংচন লাভ কৰিবলৈ সক্ষম হোৱা বাক্সাৰ শালবাৰীৰ আনন্দ বজাৰৰ অতিকে গৰীব পৰিয়ালৰ এগৰাকী উপান্ত খেতিয়কৰ কন্যা মৰমী তালুকদাৰ । পিতৃ দেৱেশ্বৰ তালুকদাৰে নিজৰ নামত থকা অলপ অচৰপ মাটিত খেতিবাতি কৰি কোনোমতে পৰিয়ালৰ ভোৰণ পোষণ দি আহিছে আৰু মাতৃ ৰণজিতা তালুকদাৰ এগৰাকী গৃহিণী ৷ এওঁলোকৰেই কন্যা সন্তান মৰমী তালুকদাৰ ৷ দুখীয়া পৰিয়ালটোৰ সন্তান মৰমীয়ে আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত গণিতত ৯৭, সমাজ বিজ্ঞানত ৯১, অসমীয়াত ৮৭, ইংৰাজীত ৮৭, হিন্দীত ৮৩ আৰু সাধাৰণ বিজ্ঞানত ৭৬ শতাংশ নম্বৰ লাভ কৰি ডিষ্টিংচন পাবলৈ সক্ষম হয়৷ একমাত্ৰ পৰিয়ালৰ আৰ্থিক অভাৱৰ বাবেই বিজ্ঞানত নামভৰ্তি কৰি মেডিকেল পঢ়াৰ হাবিয়াস পুহি ৰাখা মৰমীয়ে সেই আশা যেন ফলাফল লাভ কৰিও বাদ দিবলৈ বাধ্য হৈছে৷ দিনে প্ৰায় সাত/আঠ ঘণ্টাকৈ পৰীক্ষাৰ পূৰ্বে অধ্যয়ন কৰা ছাত্ৰী মৰমীয়ে বিদ্যুতৰ লুকাভাকুৰ বাবেও ঘৰত ভালকৈ অধ্যয়ন কৰিব পৰা নাছিল৷আৰ্থিক অৱস্থাই জুৰুলা কৰা পিতৃয়ে শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সমলখিনিও যোগাৰ কৰি দিব পৰা নাছিল যদিও বহুখিনা তাগিদা লৈছিল৷বিদ্যালয়ৰ দুৰৱস্থাৰ বাবে প্ৰায়ে বৰষুণত তিতি, গৰমৰ দিনত চোতালত বহি স্কুলীয়া শিক্ষা লাভ কৰা ছাত্ৰী মৰমীয়ে চছিয়েল মিডিয়াৰ ভাল/বেয়া দুয়োটা দিশৰ কথা কৈ ছাত্ৰ-ছাত্ৰীসকলে ভালটো গ্ৰহণ কৰি লাভৱান হ’ব পাৰে বুলি কৈ ইণ্টাৰনেটে শিক্ষাৰ ক্ষেত্ৰত বহুখিনি সুফল আনি দিব পাৰে বুলিও মন্তব্য কৰে৷মাত্ৰ সচেতনৰ দৰকাৰ অভিভাৱক সকলৰ৷ নিজৰ কন্যাৰ ফলাফলক লৈ অত্যন্ত সুখ অনুভৱ কৰা মৰমীৰ মাতৃয়ে আবেগিক হৈ হুকহুকাই কান্দি কোনো সদাশয় ব্যক্তি বা চৰকাৰী ফালৰপৰা অলপ আৰ্থিক সহায় আগবঢ়ালে নিজৰ ছোৱালীজনীয়ে মেডিকেল পঢ়িম বুলি পুহি ৰাখা সপোন বাস্তৱ হ’লহেঁতেন বুলিও দুখ প্ৰকাশ কৰে ৷

শালবাৰীৰ পৰা লৱ কুমাৰ দাস , প্ৰথম খবৰ

Related Articles

Leave a Reply

Close