অসমশীৰ্ষ

বিজ্ঞানত দশম স্থান প্ৰাপ্ত চামতাৰ মধুস্মিতা বৰ্মনৰ অধ্যাপিকা হোৱাৰ সপোন

প্ৰাঞ্জল শৰ্মা,প্ৰথম খবৰ ,নলবাৰী,২৫মে’ – আজি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা ঘোষিত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত চামতা ইডেন ভেলি একাডেমীৰ মেধাবী ছাত্ৰী মধুস্মিতা বৰ্মণে দশম স্থান দখল কৰি শিক্ষানুষ্ঠান খনৰ লগতে সমগ্ৰ চামতালৈ গৌৰৱ কঢ়িয়াই অনাত বৃহত্তৰ চামতাত উচাহৰ ঢল বৈছে।মধুস্মিতাই ইংৰাজীত-৯৬,অসমীয়াত-৯৩,পদাৰ্থ বিজ্ঞানত-৮৭,ৰসায়ন বিজ্ঞানত-৯৩,জীৱ বিজ্ঞানত-৯৬ আৰু গণিতত -৯০(৪৬৮) সহ ৯৩.৬ শতাংশ নম্বৰ লাভ কৰিছে।পৰৱৰ্তী পৰ্যায়ত বিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লৈ তেওঁ অধ্যাপিকা হোৱাৰ ইচ্ছা ব্যক্ত কৰিছে।চামতা নিউ কলনীৰ বাসিন্দা তথা ৰেল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী কৰুনা কান্ত বৰ্মন আৰু কুঞ্জ বৰ্মনৰ কন্যা মধুস্মিতাই দৈনিক ১১/১২ ঘণ্টা কৈ অধ্যয়ন কৰিছিল।ব্যক্তিগত টিউচন থকা মধুস্মিতাই গান শুনি ভাল পোৱাৰ লগতে বিজ্ঞান সাহিত্য বিষয়ক কিতাপ অধ্যয়ন কৰি ভাল পায়।ফেচবুক ব্যৱহাৰ কৰি ভাল নোপোৱা মধুস্মিতাই কয় যে- চচিয়েল মিডিয়াৰ ধনাত্মক আৰু ঋণাত্মক দুয়োটা দিশেই আছে।উঠি অহা শিক্ষাৰ্থী সকলক তেওঁ ইয়াৰ ভাল গুণ আয়ত্ত কৰিবলৈ আহ্বান জনায়। শিক্ষাএকাডেমীৰ অধ্যক্ষ ডঃ প্ৰমোদ হালৈয়ে নিজৰ অনুভৱ ব্যক্ত কৰি কৈ যে-ইডেন ভেলীয়ে জন্ম লগ্নৰে পৰা মানৱ সম্পদ গঢ়াত লক্ষ বান্ধি লৈছে। উল্লেখযোগ্য আজিৰ এই ঈৰ্ষণীয় ফলাফলৰ বাবে মেধাবী ছাত্ৰী গৰাকীক লৈ শিক্ষাৰ্থী,অভিভাৱক আৰু শিক্ষক সকলে চামতাৰ পৰা নলবাৰীলৈ এক ৰেলী উলিয়ায়।ইয়াৰ পিছতে শিক্ষানুষ্ঠানখনত এক আনন্দ উৎসৱ উদযাপিত হয়।

Related Articles

Leave a Reply

Close