অসম

বিশিষ্ট শ্ৰমিক নেতা নিৰেন বৰুৱা আৰু নাই

ডুমডুমা, ১২ মে ; ডুমডুমাৰ লক্ষ্মীনাথ বেজবৰুৱা শৰণি নিবাসী, বিশিষ্ট সমাজকৰ্মী তথা প্ৰবীণ শ্ৰমিক নেতা নীৰেন বৰুৱা(৮৫)ৰ আজি বিয়লি ২ বজাত গুৱাহাটীৰ কইনাধৰা অঞ্চলৰ হেল্থ চিটি নামৰ চিকিৎসালয়খনত বাৰ্ধক্যজনিত কাৰণত দেহাৱসান ঘটাত ডুমডুমা চহৰ, তেওঁ বহু বছৰ ধৰি সেৱা আগবঢ়োৱা ডুমডুমা কেন্দ্ৰীক ৬০খন চাহ বাগিছা, তেওঁৰ জন্মঠাই নলবাৰী জিলাৰ কমাৰকুছি গাঁও আৰু কিছুদিন ধৰি থকা গুৱাহাটী চহৰৰ একাংশত গভীৰ শোকৰ ছাঁ পৰিছে । ১৯৩৪ চনত জন্মগ্ৰহণ কৰা এই ব্যক্তিগৰাকী অতি সৰু কালতে ডুমডুমালৈ আহে আৰু ইয়াকে নিজৰ ঠাই বুলি ভাবি নিস্বাৰ্থভাবে সেৱা আগবঢ়াই জীৱনটো পাত কৰে । তেওঁ ইয়াতে পঢ়াশুনা কৰাৰ অন্তত অসম চাহ মজদুৰ সংঘৰ ডুমডুমা শাখাত প্ৰথমে কেৰাণী আৰু ১৯৬৫ চনৰপৰা ২০০৫লৈ সুদীৰ্ঘকাল সম্পাদকৰ গধুৰ দায়িত্ব নিষ্ঠাৰে পালন কৰে । ডুমডুমা শাখা সাহিত্য সভাৰ তেওঁ সত্তৰৰ দশকত কেইবাবছৰো সম্পাদকৰ দায়িত্ব চম্ভালিছিল আৰু তেওঁলোকৰ দিনতে বৰ্তমানেও থকা শাখাৰ পুৰণি কাৰ্যালয়টো(পকীঘৰটো) নিৰ্মাণ কৰি কৰ্মপটুতা প্ৰদৰ্শন কৰিছিল । ডুমডুমা অসমীয়া পূজা আৰু নাট্য মন্দিৰ সমিতিৰ তেওঁ বহু বছৰ ধৰি সম্পাদক আৰু পৰবৰ্তী কালত সভাপতিৰ পদ অলঙ্কৃত কৰি কামৰ নিদৰ্শন দাঙি ধৰি গৈছে । তাৰ উপৰিও তেওঁ ডুমডুমা মহাবিদ্যালয় স্থাপনত আৰু স্থানীয় প্ৰাথমিক-মাধ্যমিক বিদ্যালয়সমূহৰ উন্নয়নত যথেষ্ট অৰিহণা আগবঢ়াই গৈছে । ডুমডুমাৰ হুনলাল উচ্চ(বৰ্তমান উচ্চতৰ) মাধ্যমিক বিদ্যালয়ৰপৰা প্ৰবেশিকা পৰীক্ষা দিয়া তেওঁ আছিল প্ৰথম বেট্ চৰ অন্যতম প্ৰাৰ্থী । ১৯৮৯ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ৫৫ সংখ্যক অধিবেশনৰ আদৰণী সমিতিৰ অন্যতম বিত্ত সম্পাদকৰ গুৰুদায়িত্ব বহন কৰি তেওঁ তেওঁৰ দায়িত্ববোধৰ পৰিচয় দিছিল । বিশিষ্ট সাহিত্যিক নিৰোদ চৌধুৰী, কথা সাহিত্যিক ৰবীন চৌধুৰী আদিসকল তেওঁৰ বাল্যবন্ধু আছিল । সুধাকণ্ঠ ভূপেন হাজৰিকা ডুমডুমালৈ আহিলে এওঁ তেওঁৰ থকা-খোৱা আদিৰ সদায় ব্যৱস্থা কৰি দি আতিথ্য প্ৰদৰ্শন কৰিছিল । ডুমডুমাৰ প্ৰাক্তন বিধায়কদ্বয় ক্ৰমে মলিয়া তাঁতী আৰু দিলেশ্বৰ তাঁতী শাখা সংঘৰ সভাপতি পদত অধিষ্ঠিত হোৱা কাৰণত তেওঁলোকৰ লগত সমানে ফেৰমাৰি কাম কৰাৰ সুবিধা পাইছিল । ১৯৭৩ চনত এওঁৰ প্ৰচেষ্টাতে তেতিয়াৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী আহি ডুমডুমা মহাবিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত সভাত যোগদান কৰে । ডুমডুমা নামঘৰ, ডুমডুমা শিৱ মন্দিৰ আদিৰ উন্নয়নতো তেওঁৰ প্ৰভূত বৰঙণি আছে । তেওঁ পত্নী ৰেণু বৰুৱা, এক পুত্ৰ-বোৱাৰী, দুই কন্যা-জোঁৱাই, নাতি-নাতিনী সহ বহু সংখ্যক আত্মীয়ক ইহ সংসাৰত এৰি থৈ গৈছে । এওঁৰ পুত্ৰ অনিৰ্বান বৰুৱাই জনোৱা মতে তেওঁৰ নশ্বৰদেহ গুৱাহাটীৰপৰা ইয়ালৈ লৈ আহিব আৰু কাইলৈ ইয়াৰ শ্মশানঘাটত শেষকৃত সম্পাদন কৰাব । এওঁৰ মৃত্যুত অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতি আৰু ডুমডুমা শাখা সমিতি, ডুমডুমা মহাবিদ্যালয়, ডুমডুমা প্ৰেছ ক্লাব, ডুমডুমা শাখা সাহিত্য সভা, অসম চাহ কৰ্মচাৰী সংঘৰ কেন্দ্ৰীয় সমিতি আৰু ডুমডুমা শাখা, ডুমডুমা নাগাৰা নাম সংঘ, ডুমডুমা নামঘৰ, ডুমডুমা অসমীয়া পূজা আৰু নাট্য মন্দিৰ সমিতি, ডুমডুমা ৰ’টাৰী ক্লাৱ, মাৰোৱাৰী পঞ্চায়তী ভৱন, লেখিকাৰ ডুমডুমা শাখা, ডুমডুমা মহিলা সমিতি, ডুমডুমা জ্যেষ্ঠ নাগৰিক মঞ্চ, শঙ্কৰী কলা সংস্কৃতি বিকাশ মঞ্চ, ইলোৰা বিজ্ঞান মঞ্চৰ ডুমডুমা শাখা, সমূহ স্থানীয় শিক্ষানুষ্ঠান আদিয়ে শোক ব্যক্ত কৰি বাৰ্তা প্ৰেৰণ কৰিছে ।

Related Articles

Leave a Reply

Close