অসম

বৰছলাৰ অৰিয়ান্টলিত বিধ্বস্ত পকী পথ ,পথৰ মাজত সৃৃৃৃষ্টি হৈছে পুখুৰী

বৰছলাৰ অৰিয়ান্টলিত বিধ্বস্ত পকী পথ ৷পথৰ মাজত স্‌ষ্টি হৈছে পুখুৰী সদ্‌শ গাত ৷যাতায়তৰ নামত দূভোগ ভূগিছে সাধাৰণ ৰাইজে ৷গুৰুত্ব নাই গড়কাপ্তানি বিভাগৰ তথা স্হানীয় বিধায়কৰ ৷ৰাইজে উজাৰিলে ক্ষোভ ৷

উন্নয়নৰ ঢাক ঢোল বজোৱা পৰিবৰ্তনকামী চৰকাৰৰ দিনত এতিয়া বিধ্বস্ত বাট পথে জলাকলা খুৱাইছে সাধাৰন জনতাক ৷পথ নহয় যেন পুখুৰীহে ৷পকী পথৰ মাজত স্‌ষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাতঁত ৰাইজে ইচ্ছা কৰিলে এতিয়া পোহিব পাৰিব মাছ ৷
এইটো শোণিতপুৰ জিলা বৰছলা সমষ্টিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰবৰটলা অৰিয়ান্টলি হৈ ভঙামন্দিৰ সংযোগী এটা অতি ব্যস্ততা পূৰ্ণ পথ ৷২০১৪-১৫ বৰ্ষত ১৫ কোটি ৬৮ লাখ ব্যয়সাপেক্ষে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰবৰটলা হৈ ভঙামন্দিৰলৈ মুঠ ১৫ কিলোমিটাৰ দৈঘ্যৰ এই পথছোৱা নিৰ্মাণ কৰা হৈছিল ৷বৰ্তমান মেৰামতিৰ অভাৱত পথছোৱাৰ মাজত স্‌ষ্টি হৈছে পুখশৰী সদ্‌শ গাত ৷সাধাৰন এটা বৰষুণত গাতবোৰত পানী জমা হোৱাৰ বাবে বাইক আৰোহী বা পথছাৰীয়ে গাতটোৰ গভীৰতা বুজিব নোৱাৰী পথটোৰে অহা যোৱা কৰোতে সংঘটিত হৈছে কেইবাটাও দূৰ্ঘটনা ৷এই গুৰুত্বপূৰ্ণ পথটোৰে বৰছলা;ভঙামন্দিৰ;ধলগুৰি;অৰিয়ান্টলি;জয়নগৰ ইত্যাদি প্ৰায় দহখন গাঁৱৰ ৰাইজে ঢেকিয়াজুলিলৈ অহাযোৱা কৰে ৷পথটোৰ বিধ্বস্ত অৱস্থাৰ বাবে প্ৰতিদিনে যমৰ যন্ত্ৰণা ভূগিছে পথছাৰীয়ে ৷তৎস্বত্বেও গুৰুত্ব নাই বিভাগীয় কত্‌পক্ষৰ তথা জনপ্ৰতিনিধিৰ ৷মেৰামতিৰ অভাৱত পথটোৰ বাকী দুই এঠাইত ভাল হৈ থকা অংশ জহিখহি যাব ধৰিছে কিন্তু ৰাজ্যৰ বিয়াগোম গড়কাপ্তানী বিভাগৰ নাই কোনো ভূমিকা ৷স্হানীয় বিধায়ক গনেশ লিম্বুৰ এই ক্ষেত্ৰত নাই কোনো পদক্ষেপ ৷শীঘ্ৰেই পথছোৱা মেৰামতি কৰি ৰাইজৰ যাতায়ত ব্যৱস্থা সূচল কৰি তুলিবলৈ পৰিবৰ্তনকামী চৰকাৰখনক আহবান জনাইছে স্হানীয় ৰাইজে৷

Related Articles

Leave a Reply

Close