অসমশীৰ্ষ

মঞ্চত পৰিচিত গায়িকা ভিতালীয়ে কাজিৰঙালৈ কঢ়িয়ালে সুনাম

কাজিৰঙাৰ পৰা ৰাজেশ বেলোৱাৰ, প্ৰথম খবৰ: সংগীতৰ সাধনাৰ মাজত শিক্ষা ৷ডিষ্টিংচন সহ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কাজিৰঙাৰ উদীয়মান কণ্ঠ শিল্পী ভিতালী গগৈ ৷কাজিৰঙা শংকৰদেৱ শিশুনিকেতৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ভিতালীৰ সফলতাত আনন্দিত কাজিৰঙা বাসী ৷ সংগীতৰ সাধনা জীৱনৰ বিশেষ লক্ষ্য হিচাবে লৈ আগবাঢ়িব বিচৰা ভিতালীৰ মতে তেওঁৰ বাবে সংগীতৰ মাজতহে শিক্ষা ৷বিশিষ্ট কণ্ঠ শিল্পী মৌচুমী চহৰীয়াক আদৰ্শ হিচাবে লৈ ভিতালীৰ ইচ্ছা সংগীতৰ লগে লগে শিক্ষাকো আগবঢ়াই নিয়াৰ ৷ভবিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন ভিতালীৰ ৷ইতিমধ্যে ৰাজ্যৰ বহু সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিহু মঞ্চত গীত পৰিবেশন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা উদীয়মান কণ্ঠ শিল্পী গৰাকীয়ে সংগীতৰ ব্যস্ততাৰ মাজতো সময়ৰ সদব্যৱহাৰ কৰি পঢ়াশুনাতো মনোনিৱেশ কৰি আহিছে ৷

Related Articles

Leave a Reply

Close