অসমশীৰ্ষ

মহিলাই ঋতুস্ৰাৱৰ সময়ত ল’বলগীয়া সাৱধানতা: খোজে দিলে আৰু এখোজ

প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ ,নলবাৰী,২৮ মে – নলবাৰীৰ খোজ নামৰ সমাজ উন্নয়ন সংঘৰ উদ্যোগত আজি উত্তৰ কামপীঠ মহাবিদ্যালয় কনিষ্ঠ শাখাৰ ছাত্ৰী সকলৰ লগত ঋতুস্ৰাৱ পৰিচ্ছতা দিৱস উদযাপন কৰা হয়। ইয়াৰ মূল উদ্দেশ্য আছিল আমাৰ সমাজৰ কিশোৰীবোৰক স্বচ্চতা সম্পৰ্কে অৱগত কৰা,, আৰু ইয়াৰ পৰা হব পৰা বিপদসমূহৰ পৰা দূৰত ৰখা,, কাৰণ কিছুমান অন্ধ বিশ্বাসৰ ফলত আমাৰ সমাজৰ বহুতো কিশোৰী ,,মহিলা,, বিভিন্ন বেমাৰৰ চিকাৰ হৈ আহিছে, লগতে কেঞ্চাৰ নিচিনা মহামাৰী বেমাৰত পৰি ও মৃত্যু মুখত পৰিছে,,,এই সমস্যা বোৰ যিমান পাৰি দূৰ কৰাৰ লক্ষ্য আগত লৈ
দিৱসৰ লগত সংগতি ৰাখি ঋতুস্ৰাৱ ৰ সময়চোৱাত হোৱা সমস্যা লাজ ভয় ইত্যাদি ক খোলা ভাবে আলোচনা কৰা হয় আৰু চাফ চিকুণতা বজাই ৰখাৰ বাবে সজাগ কৰা হয় লগতে ইয়াৰ পৰা হব লগা বেমাৰৰ বিষয়েও বুজাই দিয়া হয়। অনুষ্ঠান ত প্ৰায় ৫০ গৰাকী ছাত্ৰী উপস্থিত থাকে। মহাবিদ্যালয় খনৰ অধ্যাপিকা জ্যোৎসনা দেৱী আৰু প্রণীতা বেজবৰুৱাই সহযোগিতা আগবঢ়াই আৰু সংঘৰ সদস্য টুটু মণি ডেকা, টুটু মণি ডেকা, জিনা ডেকা, বন্দিতা ডেকা, পৰাগ দাস আৰু চন্দন ডেকাই অনুষ্ঠান তো সাফল্য মণ্ডিত কৰাত সহায় কৰে।
খোজ’ৰ এনে পদক্ষেপক ৰাইজৰ লগতে মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে শলাগ লয় ।

Related Articles

Leave a Reply

Close