অসমথোৰতে

শীৰ্ষত শিৱসাগৰ

উচ্চত্বৰ মাধ্যমিক বিজ্ঞান শাখাত অসমৰ ভিতৰত ৯৩.৪২% ৰে শিৱসাগৰ শীৰ্ষত

প্ৰথম খবৰ , শিৱসাগৰ , ২৫ মে : আজি ঘোষণা কৰা উচ্চত্বৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলে শিৱসাগৰ জিলা বাসীক উ$সাহিত কৰি তুলিছে | পৰীক্ষাৰ ক’লা , বাণিজ্য আৰু বিজ্ঞান শাখাৰ প্ৰথম ১০ টা স্থানত জিলাখনৰ ছাত্র -ছাত্রীয়ে স্থান লবলৈ সক্ষম নহলেওঁ কেওঁটা বিভাগৰ ফলাফল সন্তোষজনক | বিজ্ঞান বিভাগত জিলাখনৰ ফলাফল অসমৰ ভিতৰত শীৰ্ষস্থান দখল কৰিবলে সক্ষম হোৱাত শিৱসাগৰ বাসীয়ে ছাত্র-ছাত্রী সকলক ভূয়সী প্ৰশংসা কৰি অনাগত দিনত এই ধাৰা অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে | বিজ্ঞান শাখাত জিলাখনৰ পৰা ১০৩৪ গৰাকী ছাত্র-ছাত্রীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৯৩.৪২% ৰে ৯৬৬ গৰাকী উতীৰ্ণ হয় | ইয়াৰে ৬৩৩ গৰাকীয়ে প্ৰথম , ৩০৪ গৰাকীয়ে দ্বিতীয় , ২৯ গৰাকীয়ে তৃতীয় বিভাগত উতীৰ্ণ হয় |

Related Articles

Leave a Reply

Close