অসমশীৰ্ষ

শুদ্ধ এনআৰচি লাগিবই- ক’লে ড: সমুজ্জ্বলে

প্ৰাঞ্জল শৰ্মা,প্ৰথম খবৰ, নলবাৰী,১১ মে:
বাংলাদেশী নাম মুক্ত এখন শুদ্ধ NRC হবলৈ NRC ৰ লগত জৰিত বিষয়া-কৰ্মচাৰী সকলে জাতীয়তাবোধ আগত ৰাখি কাম কৰি যাব লাগিব-এই মন্তৱ্য আছুৰ মুখ্য উপদেষ্টা ডঃসমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ।আজি সন্ধিয়া নলবাৰীৰ শ্বহীদ ভৱনত আয়োজিত এক সংবাদ মেল সম্বোধন কৰি ভট্টাচাৰ্যই এনেদৰে কোৱাৰ লগতে আৰু কয়-আছু আৰু ত্ৰিশ সংগঠনে অহৰহ শুদ্ধ NRC ৰ বাবে লাগি আছে আৰু লাগি থাকিব।অসমত বসবাস কৰা সকলো ধৰ্মালম্বী,জাতি-জনগোষ্ঠীক সাঙুৰি শুদ্ধ NRC প্ৰস্তুত হোৱাৰ আশা আছুয়ে কৰিছে।তেওঁ কয় যে-১৯৭১ চনৰ আগত অহা হিন্দু-মুছলমান সকলোকে সাঙুৰি লোৱা হব৷কিন্তু ইয়াৰ পিছত অহা কাৰোৰে বোজা নলয় অসমে৷একমাত্ৰ খিলঞ্জীয়াক প্ৰাধান্য দিয়া হব NRC ত।অবৈধ বাংলাদেশী বিতাড়ন কৰাৰ ক্ষেত্ৰত চৰকাৰী ভাৱে হেমাহি কৰাৰ অভিযোগো উত্থাপন কৰে আছু নেতাগৰাকীয়ে।শেহতীয়াভাৱে চৰকাৰে ডিটেনচন কেম্পৰ পৰা কৰায়ত্ত হৈ থকা বাংলাদেশী সকলক মুকলি কৰি দিব বিচৰাত তেওঁ ক্ষোভ প্ৰকাশ কৰে।ইয়াৰ পৰিৱৰ্তে বিদেশীক শীৰ্ঘ্ৰে চিনাক্ত কৰি বহিস্কাৰৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান আছুয়ে।উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এখন শুদ্ধ NRC প্ৰকাশ পাব লাগে বুলি তেওঁ সজোৰে দাবী উত্থাপন কৰে।এই এন আৰচি প্ৰক্ৰিয়াত সকলো বিষয়া-কৰ্মচাৰীয়ে সহযোগ কৰি আহিছে আৰু অনাগত দিনতো সহযোগ কৰাৰ আহ্বান জনায়আছু নেতাগৰাকীয়ে।সম্প্ৰতি ঠায়ে ঠায়ে আপত্তিকাৰীক ভাবুকি দি থকা হৈছেআৰু ইয়াৰ বিৰুদ্ধে চৰকাৰ-প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও আহ্বান জনায় ভট্টাচাৰ্যই ।সংবাদমেলত আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ভৱজিত বেজবৰুৱা, সাংগঠনিক সম্পাদক হিমান বৰ্মন,জিলা আছুৰ সভাপতি আৰু সম্পাদক গুণজ্যোতি পাঠক আৰু অক্ষয় ডেকাও উপস্থিত আছিল।

Related Articles

Leave a Reply

Close