অসমশীৰ্ষ

শূন্য সহনশীলতা: বালিৰে দুই কোটিৰ মথাউৰি

প্ৰথম খবৰ ওৰাং :-
সমাগত বাৰিষা বৃষ্টিপাতৰ ফলত ওফন্দি উঠিছে নৈ উপনৈ সমূহ । বাৰিষাৰ পূৰ্বে ৰাজ্যৰ মথাউৰি মেৰামতি আৰু নিৰ্মাণ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল জলসম্পদ বিভাগক । কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশক অসাৰ কৰি কোনো কামেই নকৰিলে বিভাগটোৱে । পৰিণতিত বাৰিষা আগমনত শংকিত হব লগা হৈছে এতিয়া নৈ পৰীয়া ৰাইজ । এয়া কেৱল বালিৰে অতি নিম্নমানেৰে নিৰ্মাণ কৰা ওদালগুৰি জিলাৰ ওৰাঙৰ পাচনৈ নদীৰ ওপৰত থকা এটা বালিৰ মথাউৰি । ধূপগুৰী, চেঙেলীমৰা আৰু বিছখুটী অঞ্চলত নিৰ্মাণ হৈছে এই মথাউৰিটো । এছ ডি আৰ এফ আঁচনিৰ দ্বাৰা মুঠ ২,২৪,৭৪,৮২৪,৫১ কোটি টকা ব্যায় সাপেক্ষে নিৰ্মাণ হৈছে এই মথাউৰিটো । মথাউৰিটো নিৰ্মাণ কৰাৰ পাছত বাৰিষাৰ বানপানী নৌহওতেই খহিল চপৰা চপৰে মথাউৰিটো । কেৱল বালিৰে অতি নিম্নমানেৰে নিৰ্মাণ কৰাৰ ফলত এতিয়া বৰষুণ আৰু বতাহ হ’লেই খহি পৰে এই মথাউৰিটো ।
পাচনৈ নদীৰ প্ৰলয়ংকাৰী বানে প্ৰতিবছৰে ক্ষতিগ্ৰস্থ কৰে ওৰাঙৰ বিছখুটী,চেঙেলীমৰা আৰু ধূপগুৰী অঞ্চল কেইটাতাত । ৰাইজে বহুদিন ধৰি চৰকাৰৰ ওচৰত দাবী জনাই অহাৰ পাছত নিৰ্মাণ হৈছিল এই মথাউৰিটো । মথাউৰিটো নিৰ্মাণ হল যদিও মথাউৰিটোৰ নিৰ্মাণ কাম নিম্নমানৰ কৰাৰ বাবে ভৰ বাৰিষাৰ পূৰ্বেই বানপানীত ককবকাব লগীয়া হোৱাৰ আশংকা কৰিছে নৈপৰীয়া ৰাইজে । মথাউৰিটো নিৰ্মাণত অনিয়মৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । মথাউৰিটোৰ দুয়োপাৰে পকি পাৰকুপাইন্ট দিয়াৰ সলনি জলসম্পদ বিভাগে মথাউৰিৰ এটা পাৰত পাৰকুপাইন্ট দি আনটো পাৰত মথাউৰি ভাঙি নাজাবলৈ দিছে দীঘল দীঘল ভলুকা বাঁহ । এই কাৰ্যত আশ্বষ্ট হব পৰা নাই নৈপৰীয়া ৰাইজে। জলসম্পদ বিভাগক এই কাৰ্যক লৈ এতিয়া মুঠেই সন্তুষ্ট নহয় প্ৰতি বছৰে বানপানীয়ে ক্ষতিগ্ৰস্থ কৰা নৈপৰীয়া ৰাইজ ।

কমিছনৰ অংকত বালিৰে অতি নিম্নমানৰ মথাউৰি নিৰ্মাণ কৰি দায়িত্ব সামৰিছে এতিয়া বিভাগটোৱে । অতি নিম্নমানেৰে মথাউৰি নিৰ্মাণ কৰি এতিয়া কেবল চৰকাৰী আঁচনি ৰ নামত আবন্টিত ধন সৰাধ কৰাত হে সিদ্ধহষ্ট হৈ পৰিছে জলসম্পদ বিভাগ। ভৰ বাৰিষালৈ আৰু মাত্ৰ কেইটামান দিন বাকী, বালিৰে এনেদৰে মথাউৰি নিৰ্মাণ হোৱাৰ বাবে যে বাৰিষা নৈৰ সোঁতে এই মথাউৰি ভাঙি উতুৱাই নিব সেয়া হ’লে নিশ্চিত। যাৰ ফলত এতিয়া বানৰ পূৰ্বেই শংকিত হব লগীয়া হৈছে ৰাইজ।

গোপাল নাথ/ওৰাং

Related Articles

Leave a Reply

Close