অসমশীৰ্ষ

সাংবাদিকক আক্ৰমণ: গণ অৱস্থানত ঐক্যবদ্ধ সাংবাদিক

সাংবাদিক ৰাজেন ডেকাক আক্ৰমণৰ প্ৰতিবাদত মুকালমুৱাত গণ অৱস্থান ৷৷
সাংবাদিক আক্ৰমণকাৰী কেতিয়াওঁ সাৰি যাৱ নোৱাৰে : পংকজ কুমাৰ নাথ ৷৷

প্ৰাঞ্জল শৰ্মা,প্ৰথম খবৰ, নলবাৰী ৷ ২৮ মে’ –
নলবাৰীৰ মুকালমুৱাৰ জ্যেষ্ঠ সাংবাদিক ৰাজেন ডেকাক অতি বৰ্বৰভাৱে আক্ৰমণ কৰা ঘটনা এমাহ উকলি যোৱাৰ পিছতো মুল আক্ৰমণকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাত আজি উত্তাল হৈ পৰে মুকালমুৱা ৷ সাংবাদিকক সুৰক্ষা দিৱ নোৱাৰা বিজেপি চৰকাৰ হায়,হায়, অপৰাধীক ৰক্ষনাবেক্ষন দিয়া অসম আৰক্ষী হায়,হায়, সাংবাদিক সুৰক্ষা আইন অতি শিঘ্ৰেই প্ৰবৰ্তন কৰক ইত্যাদি বিভিন্ন শ্লোগানে তিনিঘন্টা ধৰি উত্তাল হৈ পৰে মুকালমুৱা ৷ বৰক্ষেত্ৰী প্ৰেছ ক্লাৱ,নলবাৰী জিলা সাংবাদিক সন্থা,নলবাৰী জিলা ছাত্ৰ সন্থাৰ যুতীয়া উদ্যোগত আজি মুকালমুৱা ৰাজহুৱা মঞ্চত এক বৃহৎ গণ অৱস্থান কাৰ্য্যসুচী অনুষ্ঠিত হয় ৷ তিনিঘন্টীয়া বিশাল গণ অৱস্থান কাৰ্য্যসুচীৰ সমান্তৰালকৈ একেখন মঞ্চতে এক প্ৰতিবাদী কাৰ্যসুচীও অনুষ্ঠিত হয় ৷ নলবাৰী জিলা সাংবাদিক সন্থাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিবাদী সভাখনত সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথে উপস্থিত থাকি উদাক্ত কন্থৰে কয় যে সাংবাদিক আক্ৰমণকাৰী কেতিয়াওঁ সাৰি যাৱ নোৱাৰে ৷ সাংবাদিকৰ ওপৰত আক্ৰমণ কৰি সাংবাদিকৰ কলম কেতিয়াওঁ স্তব্ধ কৰিৱ নোৱাৰে ৷ এই কথা জনা ভাল ৰাজ্যৰ শাসকীয় চৰকাৰে ৷ এই বুলি মন্তব্য কৰে সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথে ৷ নলবাৰী জিলা সাংবাদিক সন্থাৰ সম্পাদক ৰমেন কলিতাই আত ধৰা সভাখনত সদৌ অসম সাংবাদিক সন্থাৰ সম্পাদক নকুল তালুকদাৰে ভাষণ প্ৰসংগত কয় যে দাদাগিৰি,গুণ্ডাগিৰিৰে সাংবাদিকৰ কলম ৰুদ্ধ কৰিব নোৱাৰে বৰঞ্চ সাংবাদিকৰ গতি দুগুন বৃদ্ধি হৱ ৷ সাংবাদিকৰ ওপৰত কৰা আক্ৰমণ আমি সহ্য নকৰো,আমি হাত সাৱতি বহি নাথাকো এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জানি থোৱা ভাল ৷ আমি ধৰ্য্য সহকাৰে সকলো কথা প্ৰত্যক্ষ কৰি আহিছো কিন্তু আমাৰ ধৰ্য্যৰ সীমা অতিক্ৰম হলে অনাগত দিনত সৰ্বানন্দ সোণোৱালে চৰকাৰে ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হৱ লাগিব বুলিও সকীয়াই দিয়ে সদৌ অসম সাংবাদিক সন্থাৰ সম্পাদক নকুল তালুকদাৰে ৷ নকুল তালুকদাৰে পুনৰ কয় যে অসম আৰক্ষীয়ে বিজেপিৰ পক্ষপাতিত্বত থাকি জনসাধাৰণৰ আস্থা ভংগ কৰাতকৈ যদিহে আৰক্ষীৰ সৎ সাহস আছে তেন্তে সাংবাদিক ৰাজেন ডেকাক আক্ৰমণ কৰা মুল আক্ৰমণকাৰীক শিঘ্ৰেই গ্ৰেপ্তাৰ কৰি জনসাধৰণৰ প্ৰতি পুনৰ আস্থা ঘুৰাই আনিবলৈ কয় ৷ সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ভৱজিৎ বেজবৰুৱাই উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে শিঘ্ৰেই বিজেপি চৰকাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সাংবাদিক সকলৰ সুৰক্ষা প্ৰদান কৰক অন্যথা সদৌ অসম ছাত্ৰ সন্থাই চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তুলিব ৷ প্ৰতিবাদী গণ অৱস্থানত নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠকেও উপস্থিত থাকি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সাংবাদিকক সুৰক্ষা দিৱ নোৱাৰা সৰ্বানন্দ সোণোৱালক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সম্পাদক অক্ষয় ডেকাই গণ অৱস্থানস্থলীত উপস্থিত থাকি কয় যে সাংবাদিক সুৰক্ষা প্ৰদানত চুড়ান্ত ব্যৰ্থ হোৱা অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে দায়িত্বৰ অধিকাৰ হেৰুৱাই পেলাইছে ৷ যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতি,নলবাৰী আপকুৰ সহযোগত অনুষ্ঠিত কৰা গণ অৱস্থান কাৰ্যসুচীত নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি,বৰক্ষেত্ৰী এচ.এফ.আই,বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ,বৰক্ষেত্ৰীৰ কেইবাজনো জ্যেষ্ঠ নাগৰিকৰ সমান্তৰালকৈ বিভিন্ন দল সংগঠনৰ নেতাই উপস্থিত থাকি বৃহৎ গণ অৱস্থান প্ৰতিবাদী কাৰ্য্যসুচীটো ৰূপায়ন কৰে ৷ প্ৰতিবাদী কাৰ্যসুচীৰ অন্তত গণ অৱস্থান কাৰ্যসুচীত অংশগ্ৰহন কৰা বিভিন্ন দল সংগঠনৰ নেতৃত্বই বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ ৰাজহ চক্ৰ বিষয়া ৰক্তিম বৰুৱাক সাংবাদিক ৰাজেন ডেকাক আক্ৰমণ কৰা আক্ৰমণকাৰীক শিঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ সময়সীমা বান্ধি দিয়ে লগতে সদৌ অসম সাংবাদিক সন্থাই বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰীক এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷ ইপিনে প্ৰতিবাদী দলটিয়ে মুকালমুৱা আৰক্ষী থানাতো উপস্থিত হৈ মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত কুমাৰ বৰ্মণকো ৰাজেন ডেকাক আক্ৰমণ কৰা মুল আক্ৰমণকাৰীক ৰিপুল ডেকা (বাপা) ক গ্ৰেপ্তাৰ কৰি সাহসিকতাৰ পৰিচয় দাঙি ধৰিবলৈ কয় ৷ গণ অৱস্থান কাৰ্যসুচীত অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও সাংবাদিকৰ উপস্থিতি থকাৰ সমান্তৰালকৈ তেজপুৰ জিলা সাংবাদিক সন্থাৰ সম্পাদক অপূৰ্ব বৰা,সদৌ অসম সাংবাদিক সন্থাৰ কাৰ্যনিৰ্বাহক দিব্যজ্যোতি নাথ,সদৌ অসম সাংবাদিক সন্থাৰ সাংগঠনিক সম্পাদক কিশোৰ কলিতা,দৰং জিলা সাংবাদিক সন্থাৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে ৷

Related Articles

Leave a Reply

Close