অসমনিবন্ধশীৰ্ষ

সাংবাদিকক পৰেশ বৰুৱাৰ ধমক

পৰাগমণি আদিত্য

পৰেশ বৰুৱাই আজিৰ দিনটোত সাংবাদিকক যিটো ধমকি দিছে সেয়া অত্যন্ত দুৰ্ভাগ্যজনক। অসমত সাংবাদিকৰ ওপৰত জঘন্য হত্যালীলাৰ আৰম্ভ কৰিছিল আলফাই। সাংবাদিক কমলা শইকীয়া, কুনৰমল আগৰৱালা আদিক নৃশংসভাবে হত্যা কৰাৰ উপৰিও বহু সাংবাদিকক অপহৰণ কৰি শাৰীৰিক-মানসিক নিৰ্যাতন চলাইছিল। আন বহু সাংবাদিককো ভয়-ভাবুকিৰে আৰু ৰাজহুৱা অপমানেৰে অস্থিৰ কৰি তুলিছিল। অসমৰ আন কেবাটাও সশস্ত্ৰ সংগঠনে এই দুষ্কাৰ্য আলফাৰ পৰাই শিকি সাংবাদিকক হত্যা কৰিছিল।

সাংবাদিক সকলৰ ওপৰত আলফা খৰ্গহস্ত হোৱাৰ প্ৰধান কাৰণটো হ’ল একাংশ আলফা নেতা কৰ্মীৰ দুষ্কাৰ্য উদঙাই দেখুৱাইছিল। সাংবাদিক সকলে এশ শতাংশ উচিত স্থিতি লৈছিল। তাৰ প্ৰমাণ ওলাল কিছুদিনৰ পিছতে। কমলা শইকীয়া, কুনৰমল আগৰৱালাৰ হত্যাকাৰী আজি ক’ত? তেওঁলোক কি চৰিত্ৰৰ বিদ্ৰোহী আছিল তাৰ প্ৰমাণ অসমৰ জনতাই পালে। এইসকলেই আলফাৰো বৃহৎ ক্ষতি কৰি কেনে পৰিস্থিতিৰ সূচনা কৰিলে সেয়া স্বয়ং পৰেশ বৰুৱা ডাঙৰীয়ায়ো ভালদৰে জানে।

এনে কিছু আলফাই আকৌ আত্মসমৰ্পণ কৰি সাংবাদিকক লক্ষ্য ৰূপে ল’লে।

আজিৰ দিনটোতে পৰাগ কুমাৰ দাসৰ নিৰ্মমভাবে হত্যা কৰিছিল এদল প্ৰাক্তন আলফাই। পৰেশ বৰুৱা ডাঙৰীয়াই ২৪ ঘন্টাৰ ভিতৰত হত্যাকাৰীক বিচাৰি উলিয়াই চৰম শাস্তি বিহাৰ ঘোষণা কৰিছিল।

এইসকল হত্যাকাৰী আইন-আদালতৰ পৰা সাৰি গ’ল। আন কেবাজনো সাংবাদিকৰ হত্যাত প্ৰাক্তন উগ্ৰপন্থী জড়িত বুলি অভিযোগ উঠিছিল।

কাৰোবাৰ হাতত অস্ত্ৰ আছে বুলিয়েই হাতত কলম লৈ ফুৰা মানুহ এজনক গুলীয়াই হত্যা কৰাতো সহজ। কিন্তু তেওঁৰ আদৰ্শক হত্যা কৰাতো সহজ নহয়।

মই ৰশ্মি হত্যাৰ বাতৰি সমূহ প্ৰকাশ হৈ থকাৰ সময়ত কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশত অহা বুলি কৈ ৰূপজ্যোতিয়ে বিচাৰ কৰিবলৈ আহিছিল। বহু কেইজন নেতাই এনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰিলে যে আপোনালোকৰ নিচিনাকৈ ময়ো বহু দিন আত্মগোপন কৰি সাংবাদিকতা কৰিবলগীয়া হ’ল।

পিছত কি হ’ল?
হত্যাকাৰী সংগঠনৰ পৰা ওলাই আহি সংগঠনৰে বেছি ক্ষতি কৰিলে। ডাঙৰ ডাঙৰ নীতি বচন আওৰাই ভাবুকি দিয়া এইসকলেই পিছত কক্ষচ্যুত হৈ সমাজ জীৱনতো অস্থিৰতাৰ সৃষ্টি কৰি নগাঁওখন কলংকিত কৰিলে।

আলফাক সমৰ্থন কৰক নকৰক অসমৰ সংবাদ মাধ্যমে মানবাধিকাৰ হৰণ, জেনেভা প্ৰটক’ল উলংঘা, আলফা নেতা-সদস্য-শুভাকাংখীৰ ওপৰত অত্যাচাৰ আদিৰ বিৰুদ্ধে শক্তিশালী ভূমিকা লৈ আহিছে। জীৱনকো তুচ্ছ কৰি সামৰিক বাহিনীৰ দুষ্কাৰ্য উদঙাই দিবলৈ কুণ্ঠাবোধ কৰা নাই।

ইয়াৰ বাবে অজস্ৰ সাংবাদিক ঘূণীয়া হৈছে, আজিও শৰীৰত জখম লৈ দু:সহ জীৱন কটাইছে।

মই নিজেও কুখ্যাত ম’হখুলি সেনা শিবিৰত দুবাৰ সোমাবলগীয়া হ’ল। একাধিকবাৰ থানা, সেনা-চিআৰপিৰ শিবিৰত থাৰ্ড ডিগ্ৰীৰ অভিজ্ঞতা লৈ স্থানীয় মহিলা সকলৰ তৎপৰতাত ৰক্ষা পৰিছোঁ।

এয়া সৰু কথা। ৰাজ্যত অজস্ৰ সাংবাদিকে বহু বেছি ত্যাগ কৰি সামৰিক-চৰকাৰী অত্যাচাৰ বিৰুদ্ধে থিয় দিছে।

পিছত তেনেলোকেই আহি আকৌ সাংবাদিককে আক্ৰমণ-হত্যা পৰ্যন্ত কৰিছে। তেতিয়া কাক দোষ দিব? এইকথাও এবাৰ বিবেচনা কৰিব- সংগঠনে ভুল মানুহৰ হাতত অস্ত্ৰ তুলি দিয়াৰ বাবে এনে পৰিস্থিতি হ’ল।

কোনো সাংবাদিকে আজি আপোনাৰ সহকৰ্মীক কঠোৰ প্ৰশ্ন সোধা দেখি গৰজি উঠিছে। অসমৰ সাংবাদিকে সেনাৰ শীৰ্ষ বিষয়াৰ মুখৰ আগতে তেতিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী জৰ্জ ফাৰ্ণাণ্ডেজৰ ওচৰত গৰজি উঠাও দেখিছো। ভূটানৰ বিপৰ্যয়ৰ পিছত ফ’ৰ ক’ৰৰ মুখ্য কাৰ্যালয়তো সাংবাদিকক গৰজি উঠা দেখিছো। পিছদিনা একেজন সাংবাদিকেই আপোনাকো সমালোচনা কৰিব পাৰে। সেয়া দায়িত্ব-সাংবাদিকৰ কৰ্তব্য।

সাংবাদিকৰ দায়িত্ব হ’ল বিষয় এটাৰ গভীৰতালৈ যোৱা। বহু সময়ত কৌশলী প্ৰশ্ন সুধিব লাগে।

সেয়া অপৰাধ নহয়।

Related Articles

Leave a Reply

Close