অসম

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই শুভ উদ্বোধন কৰা শোণিতপুৰৰ চাৰিদুৱাৰৰ পুঁথিভৰাল ক’ত হেৰাল?

ঋতুপৰ্ণ চক্ৰৱৰ্ত্তী,বালিপৰা:

বৃহত্তৰ চতিয়া অাৰু ৰঙাপৰা বিধানসভা সমষ্টিৰ এলেকাৰ ভিতৰতে চাৰিদুৱাৰৰ এইটো হল একমাত্ৰ চৰকাৰী পুথিভড়াল। । ১৯৭৯ চনতে স্থাপিত হোৱা পুথিভঁৰালটি সুধাকণ্ঠ ড° ভুপেন হাজৰিকা দেৱে মুকলি কৰিছিল।পৰিতাপৰ বিষয় যে কেন্দ্ৰীয় পুথিভঁৰালটি চৰকাৰে চোৱা-চিতাৰ ক্ষেত্ৰত চৰম হেমাহি কৰাৰ বাবে আজি জহিখহি যাবলৈ ধৰিছে। আনহাতে পুথিভৰালটি চোৱা চিতা কৰিবলৈ দুজনকৈ কৰ্মচাৰী আছে যদিও দুইজনৰে হেমাহিৰ বাবেই চাৰিদুৱাৰ কেন্দ্ৰীয় পুথিভঁৰালটিত থকা লাখ লাখ টকাৰ মূল্যবান কিতাপ সমূহ নষ্ট হবলৈ ধৰাৰ অভিযোগ ৰাইজৰ। । সম্প্ৰতি বিদ্যুৎ সংযোগ নথকা কেন্দ্ৰীয় পুথিভঁৰালটিৰ ভিতৰ অংশ জহি-খহি যাবলৈ ধৰিছে। তাৰোপৰি পুথিভঁৰালটিৰ চৌপাশ সম্প্ৰতি হাবি-জংঘলৰে আগুৰি ধৰিছে। । উল্লেখযোগ্য প্ৰায় ৪০ বছৰ পূৰ্বে অঞ্চলটোত এক বৌদ্ধিক বিকাশ কৰাৰ উদ্দেশ্যৰে তথা সমাজত পুথিভঁৰালৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি কেইগৰাকীমান ব্যক্তিৰ আশাশুধীয়া প্ৰচেষ্টাত গঢ় লৈ উঠিছিল এই পুথিভঁৰালটি।চৰকাৰ তথা জিলা প্ৰশাসনৰ চূড়ান্ত অৱহেলাৰ বাবেই চাৰিদুৱাৰ কেন্দ্ৰীয় পুথিভঁৰালটি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ আশা নিৰ্বাপিত হোৱাৰ পথ প্ৰশস্ত হৈছে।সেয়েহে চাৰিদুৱাৰ অঞ্চলবাসী ৰাইজ তথা দল সংগঠনে কেন্দ্ৰীয় পুথিভৰালটি পুনৰুজ্জীৱিত কৰি তুলিবলৈ দাবী জনাইছে।

Related Articles

Leave a Reply

Close