অসমশীৰ্ষ

স্থানপ্ৰাপ্ত মণিষাৰ পিতৃৰ পেঞ্চনটো মোকলাই দিয়ক শিক্ষামন্ত্ৰী ডাঙৰীয়া

স্থানপ্ৰাপ্ত মণিষাৰ পিতৃৰ পেঞ্চনটো মোকলাই দিয়ক শিক্ষামন্ত্ৰী ডাঙৰীয়া

আজি ঘোষণা কৰা HS চুড়ান্ত পৰীক্ষাত নৱম স্থান প্ৰাপ্ত ফৰকাটিং মহাবিদ্যালয়ৰ ছাত্ৰী মণিষা বৰা । ঘৰ আঠগাওঁত । পিতৃৰ দুবছৰৰ পূৰ্বে বিয়োগ হৈছিল । মণিষাৰ ঘৰলৈ যোৱা পথটো একাঠু বোকা । তাৰ পাছতো চৰকাৰী মহাবিদ্যালয়ত অধ্যয়ন কৰি নিজৰ লগতে চৰকাৰী মহাবিদ্যালয়খন আৰু গোলাঘাটলৈ গৌৰৱ কঢ়িয়াই আনিলে মণিষাই । শুনি আচৰিত হৱ পিতৃ বিয়োগ হোৱা দুবছৰ হল কিন্তু আজি পৰ্যন্ত চৰকাৰী বিভাগে পেঞ্চনৰ ব্যৱস্থা নকৰিলে পৰিয়ালটোক । মণিষাৰ পিতৃ প্ৰয়াত অতুল বৰা ফৰকাটিং মহাবিদ্যালয়ৰ কৰ্মচাৰী আছিল । আমি মণিষাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি আহ্বান ৰাখিছো স্থানপ্ৰাপ্ত মণিষাৰ পিতৃৰ পেঞ্চনটো সোনকালে মোকলাই দিয়ক শিক্ষামন্ত্ৰী ডাঙৰীয়া৷ পূৰ্বে গম নোপোৱা বিষয়টো গুৰুত্ব দিয়ক৷ ( ফটো- সমীৰণ দিগন্তৰ সৌজন্যত)

Related Articles

Leave a Reply

Close