অসমশীৰ্ষ

১৪বছৰে শয্যাশায়ী পিতৃহীনা ৰহাৰ ৰিংকুমনি

প্ৰথম খবৰ:,ৰহা,২৮ মে

দাৰিদ্ৰতা এচামৰ বাবে হৈ পৰে যেন এক প্ৰকাৰৰ ভাগ্যনিয়ন্তা । লগৰ বহু সমনীয়াই ধন ঐশ্বয্যৰ প্ৰভাৱত নানা ৰঙীন জীৱন অতিবাহিত কৰি অহাৰ সময়তে এগৰাকী দুৰ্ভগীয়া নিচলা পৰিয়ালৰ গাভৰুৰ দুচকুত থকা অদম্য হেপাহ বোৰ যেন দৰিদ্ৰতাৰ বাবেই চকুলো হৈ পৰিছে ।অনৰ্গল অহৰহ দুধাৰি অশ্ৰু হৈ নিগৰিছে তাইৰ আশা বোৰ ।চাৰিবেৰৰ মাজতে এক প্ৰকাৰৰ বন্দী হৈ পৰিল তাইৰ স্বপ্নময় জীৱন । হয় ,ৰহাৰ এগৰাকী ২৩ বছৰীয়া যুৱতীয়ে বিগত ১৪ টা বছৰ ধৰি ৰোগাক্ৰান্ত হৈ বিনা চিকিৎসাৰেই জীৱন কটাব লগীয়া হৈছে । ৰহা নগৰৰ পাঁচ নং ৱাৰ্ডৰ বাসিন্দা মিনু দাস নামৰ বিধবা মহিলাগৰাকীৰ কন্যা ৰিংকুমনিয়ে ৮বছৰ বয়সতে চোতালত খেলি থাকোতে পৰি গৈ ভৰিত মোচোকা খাইছিল। সেয়াই কাল হ’ল তাইৰ বাবে। পিচত ৰহাতে চিকিৎসকক দেখুৱাই ঔষধ খালে। প্ৰথমে ৰিংকু আৰোগ্য হ’ল যদিও প্ৰায় তিনি মাহৰ পিচৰ পৰা ৰিংকু খোজ কাঢ়িব নোৱাৰা হ’ল। স্থানীয় চিকিৎসকৰ পৰা চিকিৎসা ল’লে যদিও সুফল নাপালে। লাহে লাহে ভৰি দুখন ফুলি উঠি একেবাৰে লৰচৰ কৰিব নোৱাৰা হ’ল ৰিংকু। আনৰ সহায় নহ’লে একো কৰিব নোৱাৰে আৰু এতিয়া এনেদৰে ১৪বছৰ ধৰি অসহায় হৈ পৰি আছে ৰিংকুমনি। ৰিংকুৰ একমাত্ৰ জ্যেষ্ঠ ভাতৃয়ে গাৱেঁ গাৱেঁ ভগা ছিগা লোহাৰ প্লাষ্টিক কিনি আনি বিক্ৰী কৰে আৰু তাৰে পোহপাল দি আছে মাতৃ আৰু ৰোগশয্যাত থকা ভগ্নীক। নিজৰ মাটি ভেটি বুলিবলৈ নাই। তেনে ক্ষেত্ৰত ৰিংকুৰ উন্নত চিকিৎসা কৰাবলৈ একেবাৰে অপাৰগ ভাতৃ। ফলত এনেদৰে অসহায়ভাৱে পৰি আছে ২৩বছৰীয়া যুৱতীগৰাকী। চিকিৎসাৰ অভাৱত ক্ৰমে মৃত্যুমুখলৈ গতি কৰা ৰিংকুৰ এনে কৰুণ অৱস্থা প্ৰতক্ষ্য কৰি উপযুক্ত চিকিৎসাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা স্বাস্থ্য বিভাগলৈ আহ্বান জনাইছে ৰহাৰ একাংশ সচেতন ৰাইজে৷
পলাশ হাজৰিকা

Related Articles

Leave a Reply

Close