অসমশীৰ্ষ

ৰঙালী বিহুৰ অনুষ্ঠানত কৃতীমানক সম্বৰ্ধনা: নলবাৰীৰ টেৰেছিয়াত প্ৰশংসনীয় পদক্ষেপ

প্ৰাঞ্জল শৰ্মা,প্ৰথম খবৰ ,নলবাৰী,১১ মে – নলবাৰীৰ তেৰেছিয়াত দুদিনীয়াকৈ মিলন জ্যৌতি সংঘৰ সৌজন্যত আয়োজিত ৰঙালী বিহু সন্মিলন খনি যোৱা নিশা সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰে । যুৱ নেতা পাৰ্থ প্ৰতীম হালৈ সোঁৱৰণী ক্ষেত্ৰত অনুষ্ঠিত হোৱা বিহু সন্মিলনৰ কাৰ্যসূচী মতে ৯ মেৰ পুৱা সংঘ, বিহুৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পন,প্ৰতিষ্ঠাপক সভাপতিৰ প্ৰতিকৃতিত মাল্যাৰ্পণ , বৃক্ষৰোপন, খেল ধেমালি, চিত্ৰাংকন প্ৰতিযোগিতা । আবেলি বন্তি প্ৰজ্বলন, মৌ মেল ,সম্বৰ্ধনা অনুষ্ঠান হয় । ১০ মেৰ দিনা পুৱা ভেশচন, স্বচ্ছ ভাৰত অভিযান। সন্ধিয়া সাংস্কৃতিক মঞ্চ উদ্বোধন কৰে নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকাই । ইয়াৰ পাছতে উদযাপন সমিতিৰ সভাপতি সুশান্ত নাৰায়ণ চৌধুৰী,সাধাৰণ সম্পাদক ভূপেন ডেকা, অধ্যাপক ডাঃ বিকাশ নাৰায়ণ চৌধুৰী, কাৰ্যবাহী অভিযন্তা দেৱেশ চক্ৰৱৰ্তী,বিষয়ববীয়া ৰজনী বৰ্মন, লোহিত হালৈ,ৰবীন্দ্ৰ বৈশ্য, জ্যৌতি প্ৰকাশ বৈশ্য, প্ৰণৱ কুমাৰ ডেকা,বিজু দত্ত,ৰিংকু বৰুৱা সহ বহু সংখ্যক ৰাইজৰ উপস্থিতিত অঞ্চলটোৰ তেৰ গৰাকী সকলো বিষয়তে সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত কৃৰ্তি ছাত্ৰ ছাত্ৰীক ৫০০০ হাজাৰকৈ নগদ ধনৰ লগতে গামোচা,জাপিৰে সম্বৰ্ধনা জনোৱা হয় আৰু অসমীয়াত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰ ছাত্ৰীক নগদ এক হাজাৰকৈ ধনৰ লগতে গামোচা, জাপিৰে সম্বৰ্ধনা জনোৱা হয় । । নিশাৰ সাংস্কৃতিক সন্ধিয়া খনি উদ্বোধন কৰে নলবাৰীৰ সাংস্কৃতিক কৰ্মী নুৰ হুছেইনে । উল্লেখ্য যে সাংস্কৃতিক সন্ধিয়া খনিত মানস প্ৰতিম ,লোহিত দাস, হিমাদ্ৰী শৰ্মাই সংগীতেৰে জীপাল কৰাৰ লগতে নিমন্ত্ৰিত বিহু হুচৰি দলে বিহু পৰিবেশন কৰে ।

Related Articles

Leave a Reply

Close