অসম

ৰহাত আইন সজাগতা সভা

**নগাঁও জিলা  আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ৰহা মীণ মহাবিদ্যলয়ত সজাগতা  সভা *

প্ৰথম খবৰ:,ৰহা,২৮মে =

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত মংগলবাৰে ৰহাত অনুষ্ঠিত হয় এখন আইনী সজাগতা সভা ৷ ৰহাস্থিত মীন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত  বিয়লি অনুষ্ঠিত হয় সভাখন ৷আইন সেৱা প্ৰাধিকাৰী ,নগাঁওৰ সম্পাদিকা প্ৰনিতা মৰাঙৰ ভাষণৰে আৰম্ভ হোৱা আইনী সজাগতা সভাখনত  ৰেগিংৰ ভয়াবহতাৰ লগতে  ৰেগিং সম্পৰ্কত সৰ্বোচ্চ ন্যায়ালয়ৰ বিভিন্ন নীতি-নিৰ্দেশনা তথা শাস্তিৰ সম্পৰ্কত বিস্তৃতভাবে ব্যাখ্যা আগবঢ়ায় জ্যেষ্ঠ অধিবক্তা মুকুল প্ৰসাদ বৰঠাকুৰে । নিজ বক্তব্যত অধিবক্তা বৰঠাকুৰে বিশ্ববিদ্যালয় অনুদান আয়োগকে প্ৰমুখ্য কৰি বিভিন্ন বিশ্ববিদ্যালয়,মহাবিদ্যালয়ৰ নিজস্ব ৰেগিং বিষয়ক নীতি নিৰ্দেশনা আৰু শাস্তিৰ বিষয়ে বিস্তৃত বাখ্যা আগবঢ়োৱাৰ লগতে আজিৰ সভাৰ পৰাই সজাগতাৰ সৃষ্টি কৰি মীন মহাবিদ্যালয়ৰ পৰাই ৰেগিং মুক্ত ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। সভাতে যানবাহন আইন সম্পৰ্কত বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়ায় অধিবক্তা শ্বাহনাজ চুলতানাই ,আনহাতে স্বাধীনতাৰ কেইবাটাও দশকৰ  পাছত ২০০৫ চনত গৃহীত হোৱা তথ্য জনা অধিকাৰ আইনৰ প্ৰয়োজনীয়তা আৰু আইন খন গৃহীত হোৱাৰ বিষয়ত বিস্তৃতভাৱে বৰ্ননা কৰে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ পেনেল অধিবক্তা ৰূপালী গোস্বামীয়ে৷ সভাতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ আইন সম্পৰ্কীয় বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে অধিবক্তাত্ৰয়ৰ লগতে সম্পাদিকা প্ৰনিতা মৰাঙে ৷ সভাখনত অংশগ্ৰহন কৰে মহাবিদ্যালয়খনৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে আইন  সেৱা প্ৰাধিকাৰী ,নগাঁওৰ সম্পাদিকা তথা অতিৰিক্ত মূখ্য ন্যায়িক দণ্ডাধীশ প্ৰনিতা মৰাঙ,অধিবক্তা মুকুল প্ৰসাদ বৰঠাকুৰ,ৰূপালী গোস্বামী,শ্বাহনাজ চুলতানা আদিৰ লগতে ৰহা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষ্মন কুমাৰ দাস, মীন মহাবিদ্যালয়ৰ ডীন কৃষ্ণকান্ত তামুলী,অৰ্ধ আইনী সহায়ক দ্বীপেন শইকীয়া , পাপুমনি বৰা,মায়া ডেকা আদিয়ে ৷

Related Articles

Leave a Reply

Close