অসমবিনোদনমহিলাশীৰ্ষ

ৰান্ধনীশালৰ পৰা ওলাই আহি কলাক্ষেত্ৰত প্ৰতিভাৰ চমক এদল মহিলাৰ

মন পখিলা: কলাক্ষেত্ৰত এক ব্যতিক্ৰমী সন্ধিয়া

প্ৰথম খবৰ, গুৱাহাটী: এক ব্যতিক্ৰমী উদ্যোগ৷ কিছমা ভেন্সাৰৰ জৰিয়তে বিয়াৰ পিছত কেৱল ৰান্ধনীশালৰ ব্যস্ততাৰ মাজত নিজৰ প্ৰতিভা অকালতে মৰহি যাবলৈ লোৱা মহিলাসকলৰ প্ৰতিভা পুনৰ উলিয়াই অনাৰ বাবে এই ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰিলে দেওবাৰৰ দিনটোত৷ দেওবাৰে বিয়লি চাৰি বজাৰ পৰা অনুষ্ঠিত মূল অনুষ্ঠানৰ পূৰ্বে তিনিটা পৰ্যায়ত মহানগৰীৰ নেক্সট জিমত অডিশ্যন অনুষ্ঠিত কৰি মূল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ মূল প্ৰতিযোগিতাৰ পূৰ্বে 30 গৰাকী চুড়ান্ত প্ৰতিযোগীৰ এদিনীয়া প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হয়, কলাক্ষেত্ৰৰ নীলমণি ফুকন ছেমিনাৰ হ’লত অনুষ্ঠিত অনুষ্ঠানত প্ৰশিক্ষণ প্ৰদান কৰে প্ৰশিক্ষক ৰূপক গগৈ, ডা: অঞ্জনাময়ী শইকীয়া, অৰ্চনা তালুকদাৰ আৰু উপাসনা মহন্তই৷ দেওবাৰে বিয়লি চাৰি বজাৰ পৰা বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত আৰম্ভ হোৱা মন পখিলাৰ চুড়ান্ত ৰাউণ্ডত মোৰ মা শীৰ্ষক কবিতা আবৃত্তিৰে বেষ্ট মন পখিলাৰ খিতাপ অৰ্জন কৰে অলকা মহন্ত বৰুৱাই৷ নৃত্য শাখাত ৰোহিনী সিঙে বৰ কুঁৱৰী খিতাপ লাভ কৰে৷ প্ৰতিযোগিতাৰ অন্যান্য শাখাত বনশ্ৰী শৰ্মাই গীত পৰিৱেশন কৰি মন পখিলা মাদৈ, মমতা চেত্ৰীয়ে পাটমাদৈ, ৰিণি দেৱনাথে ৰাজমাদৈ খিতাপ অৰ্জন কৰে৷ শ্ৰেষ্ঠ যুঁজাৰু সুৰুযমণি হাজৰিকা, ৰুমেনা হাজৰিকা, মষ্ট এনকাৰেজিং পাৰ্ছনেলিটী সন্মান লাভ কৰে কামনা শইকীয়া বৰা, ৰাজলক্ষ্মী শইকীয়া লাহন আৰু কবিতা শইকীয়াই৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জনপ্ৰিয় অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে৷ আনহাতে, বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে অসম পশুধন উন্নয়ন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, জীৱনৰ সম্পাদক সুৰেশ ৰঞ্জন গদুকা, অভিনেত্ৰী অন্যন্যা পাঁচনি, মুকাভিনয় শিল্পী মইনুল হ’ক, দীপ বায়ন আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি৷ অনুষ্ঠানৰ শেষত মন পখিলাৰ ছিজন একৰ সফলতাৰ বাবে সকলোৰে শলাগ লয় কিছমা ভেন্সাৰ সঞ্চালক তথা অনুষ্ঠানটোৰ মূল উদ্যোক্তা, পৰিচালিকা মালবিকা শইকীয়া কোহলীয়ে৷

Related Articles

Leave a Reply

Close