অসমশীৰ্ষ

বৃদ্ধ লম্পটক ধৰি বান্ধি জে’ল হাজোতলৈ প্ৰেৰণ

প্ৰথম খবৰ কলগাছিয়া, ১১ মে : কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত মোৱামাৰী গাঁৱত এক ৭০ বছৰীয়া লম্পট বৃদ্ধৰ কামনাৰ বলি হল ৫ বছৰীয়া কন্যা শিশু। বৃদ্ধ লম্পট গৰাকী হৈছে মোৱামাৰী গাঁৱৰ ওৱাজেদ আলী। যোৱা বৃহস্পতিবাৰ আনুমানিক বিয়লি ৩ বজাত এই ঘটনা সংঘটিত কৰে বুলি শিশুটিৰ পৰিয়ালৰ লোকে অভিযোগ কৰিছে । উত্থাপিত অভিযোগ মতে, কন্যা শিশু গৰাকী ঘৰৰ সন্মুখত খেলি থকা অৱস্থাত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি বৃদ্ধ লম্পটটোৱে এই অপকৰ্ম কৰে বুলি অভিযোগ উত্থাপিত হৈছে । পিছত শিশু টি কন্দা-কটা কৰাত ঘটনা কাৰো আগত অৱগত নকৰিবলৈ আৰু কন্দা-কটা বন্ধ কৰিবলৈ কন্যা শিশু গৰাকীক টকাৰ প্ৰলোভন দিয়ে। পিছত শিশু গৰাকী কান্দি থকা দেখা পাই মাতৃয়ে সোধ-পোচ কৰাত আচল ঘটনা পোহৰলৈ আহে। এই ঘটনা লৈ কালি নিশা সামাজিক মেল বহি দোষী সাব্যস্ত হোৱা বুলি স্বীকাৰোক্তি দিয়ে ধৰ্ষণকাৰী ওৱাজেদ আলীয়ে। কিন্তু সামাজিক মেলৰ বিচাৰত সন্তুষ্ট নোহোৱাত আজি কলগাছিয়া ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আমছুৰ সহযোগত কলগাছিয়া আৰক্ষী থানাত শিশু গৰাকীৰ মাতৃয়ে গোচৰ ৰুজু কৰে। আনহাতে আৰক্ষীয়ে যদি ১২ ঘণ্টাৰ ভিতৰত লম্পট ওৱাজেদ আলীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেন্তে সংগঠন দুটাই আন্দোলনৰ কাৰ্য্যসূচী হাতত লব বুলি ভাবুকি প্ৰদান কৰিছিল যদিও বৰপেটা জিলা আৰক্ষী অধীক্ষক গৰাকীৰ নিৰ্দেশত কলগাছিয়া আৰক্ষী থানাৰ আৰক্ষী বিষয়া ভাস্কৰজ্যোতি দাসৰ নেতৃত্বত মাত্ৰ দুই ঘণ্টাৰ ভিতৰত উক্ত ধৰ্ষণকাৰী ওৱাজেদ আলীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হয়। ইফালে জিলা আৰক্ষী অধীক্ষকৰ এই ভূমিকাক বৃহত্তৰ কলগাছিয়া অঞ্চলৰ বিভিন্ন দল-সংগঠনে আদৰণি জনাইছে । আনহাতে, আজি হঠাৎ বৰপেটা জিলাৰ সৰভোগ, খৰিচালা, কলগাছিয়া, গুনিয়ালগুৰি, বালাগাও, বৰভিটা আৰু মইনবৰীত বৰপেটা জিলা আৰক্ষী অধীক্ষক ড০ ৰবীন কুমাৰে তীৰ, জুৱা আৰু মদৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলায় । কালি কলগাছিয়াৰ গুনিয়ালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গ্ৰীল ভাঙি ৮ টাকৈ কম্পিউটাৰ ছেট চুৰি, গুনিয়ালগুৰি জামে মছজিদৰ বেটাৰী চুৰি, অন্চলটোত দেখা দিয়া সৰু সুৰা চুৰি ঘটনাৰো বুজ লবলৈ আৰক্ষী অধীক্ষক গৰাকীয়ে ব্যাপক তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে । মদ, জুৱা, তীৰ খেলৰ লগত জড়িত সকলক কেতিয়াও ৰেহাই দিয়া নহব বুলি সৰভোগ, কলগাছিয়া, মইনবৰী, বৰভিটা, বালিকুৰি আৰক্ষী থানাৰ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে বুলি জানিব পৰা গৈছে। এইক্ষেত্ৰত অঞ্চলটোৰ শিক্ষা সচেতন মহলৰ সহায় সহযোগিতা কামনা কৰিছে আৰক্ষী প্ৰশাসনে ।

Related Articles

Leave a Reply

Close