অসমবিনোদনশীৰ্ষ

অনন্য জুবিন, হত্যাৰ ভাবুকি দিয়া যুৱকক ক্ষমাদান

প্ৰথম খবৰ প্ৰতিবেদন:
পুনৰ বহল অন্তৰৰ পৰিচয় জুবিন গাৰ্গৰ।ডিব্ৰুগড়ত সংগীত পৰিবেশনৰ সময়ত জুবিনক গুলীয়াই হত্যা কৰাৰ ভাবুকি দিয়া দুই যুবকক ক্ষমা কৰি দিলে আদালতত।সৰু লৰা,মোৰ ভাইৰ দৰে।ফেচবুকৰ দৰে চচিয়েল মিডিয়াৰ ব্যৱহাৰ ভালদৰে কৰিব লাগে।সিহঁতৰ ভুল হৈছিল, শাস্তি ও পালে।সেয়ে ক্ষমা কৰি দিলোঁ।লগতে খাৰঘুলীস্হিত বাসগৃহলৈও মাতি পঠালে দুই অভিযুক্ত যুবকক জুবিনে। 2017 চনৰ 22 এপ্ৰিলত চৌকিদিঙী খেলপথাৰত জুবিনৰ অনুষ্ঠানৰ পূৰ্বে ভাবুকি দিছিল কাই খাপলাং আৰু মুকুল শিৱসাগৰীয় নামৰ দুই যুৱকে৷ কটকটীয়া নিৰাপত্তাৰ মাজত গীত পৰিৱেশন কৰিছিল জুবিন গাৰ্গে‍ ৷ এই ঘটনাক লৈ এছ আই দীপেন্দ্ৰই ৰুজু কৰা গোচৰৰ শুনানিত অংশ লৈ জুবিন গাৰ্গে ক্ষমা কৰি দিলে দুই যুৱকক৷ যুৱ প্ৰজন্মক ফেচবুক ব্যৱহাৰতো সাৱধান হোৱাৰ পৰামৰ্শ জুবিন গাৰ্গৰ৷ photo Courtesy- Ratul Gohain

Related Articles

Leave a Reply

Close