অসম

অসম প্ৰাদেশিক যোগী সন্মিলনৰ ২৬, ২৭ ,২৮ আৰু ২৯ ডিচেম্বৰত নেহেৰুবালিত শতবৰ্ষ অনুষ্ঠান

প্ৰথম খবৰ-ৰহা,২৩ জুনঃ

১৯১৯ চনতেই গঠন হোৱা অসম প্ৰাদেশিক যোগী সন্মিলনীৰ শতবাৰ্ষিকী অনুষ্ঠানৰ সামৰণি অনুষ্ঠানটো ২০১৯ চনৰ ডিচেম্বৰ মাহৰ ২৬,২৭,২৮ আৰু ২৯ ত নেহেৰুবালিত অনুষ্ঠিত হব । আজি এই উপলক্ষে নগাঁৱৰ শ্বহীদ ভৱনত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা । নগাঁও জিলা নাথ – যোগী সন্মিলনীৰ সভাপতি লক্ষীকান্ত নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিৰ উদ্দেশ্যে ব্যাখ্যা কৰে জিলা সম্পাদক ডিম্বেশ্বৰ নাথে । সভাত আলোচনা ক্ৰমে নগাঁও সদৰ সমষ্টিত বিধায়ক ৰূপক শৰ্ম্মাক সভাপতি ,নগাঁও জিলা যোগী সন্মিলনীৰ সভাপতি লক্ষী কান্ত নাথক কাৰ্যকৰী সভাপতি , জিলা সম্পাদক ডিম্বেশ্বৰ নাথক সম্পাদক , পুস্পে্ন্দ্ৰ নাথ আৰু কুমুদ নাথক সহ সম্পাদক হিচাবে লৈ ১৭ খন উপ- সমিতি গঠন কৰা হয় । সভাতেই সাংবাদিক বুলন চন্দ্ৰ নাথ (ৰহা)ক ,সভাপতি , সাংবাদিক দেৱজিৎ হাজৰিকা( বেবেজীয়া)ক উপসভাপতি ,সাংবাদিক ইন্দ্ৰেশ্বৰ নাথ(ঢিং)ক সম্পাদক হিচাবে লৈ প্ৰচাৰ উপসমিতি খনো গঠন কৰা হয় । সভাত কেন্দ্ৰীয় সমিতি তথা অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ধীৰেন নাথ , অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সম্পাদক ডম্বৰু নাথ ,শতবাৰ্ষিকীৰ কাৰ্যকৰী সভাপতি কীৰ্তি নাথ , শতবাৰ্ষিকীৰ সম্পাদক উদয় নাথে বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে । সভাতেই শতবাৰ্ষিকীৰ বাবে বিভিন্ন জনে এক লাখ আশী হাজাৰ টকা এককালীন সাহাৰ্য দিয়াৰ কথা ঘোষনা কৰা হয়৷

Related Articles

Leave a Reply

Close