শীৰ্ষসাহিত্য

আস্থা, অৰ্ণৱ আৰু কিছু ভাললগা ভালপোৱা

শ্ববনম বাগ্লাৰী:

কেইদিনমান আগৰপৰা ছ’চিয়েল মিডিয়াত সৰ্বত্ৰ প্ৰচলিত দুটা বিশেষ নাম অৰ্ণৱ আৰু আস্থা। যোৰহাট ইঞ্জিনিয়াৰিং কলেজক মূল উপজীব্য হিচাপে ইন্দ্ৰাণী শৰ্মাই লিখা এটি প্ৰেম কাহিনীৰ নায়ক অৰ্ণৱ আৰু নায়িকা আস্থাই ইতিমধ্যে প্ৰায় বহুতৰে হোৱাটছএপ আৰু ফেচবুক ষ্টেটাছতো ঠাই লাভ কৰিছে। ইয়াৰ লগে লগে সকলোৰে মুখে মুখে কেৱল জে ই চি, বেবী পাউদাৰ আৰু নমোৰ কথা। অৱশ্যে লেখিকাৰ মতে জে ই চি কোনো গতানুগতিক উপন্যাস বা তত্বগধুৰ সাহিত্য নহয়। তৎসত্বেও বহুতৰে মন আলোড়িত কৰি তুলিছে এজন প্ৰেমিক আৰু পৃথিৱীখনক নতুনকৈ চাবলৈ শিকা এগৰাকী সৰল ছোৱালীৰ কথাবোৰে।

জে ই চি পঢ়ি ভালপোৱা দুজন পাঠিকাৰ মন্তব্য গ্ৰহণ কৰিছিলো আমি। পাঠশালাৰ কৃষ্ণাৰাণী দাসে ক’লে, “কাহিনীটোৱে মনত গভীৰ সাঁচ বহুৱাইছে। কাহিনীটোৰ গভীৰলৈ সোমাবলৈ বাধ্য কৰাইছে। আগলৈও যাতে ইন্দ্ৰানী শৰ্মা বাইদেউৰ পৰা এনেকুৱা কাহিনী পঢ়িবলৈ সুযোগ পাওঁ। জে ই চিয়ে অসমীয়া পঢ়িবলৈ বেয়া পোৱা বা কমকৈ পঢ়িব জনা মানুহকো পঢ়িবলৈ বাধ্য কৰাইছে। আগলৈ যাতে এনেকুৱা কাহিনীবোৰ তেওঁ উপন্যাস আকাৰে প্ৰকাশ কৰে, তেতিয়া সৰহসংখ্যক পঢ়ুৱৈৰ জন্ম হ’ব। তেওঁ কাল্পনিক কাহিনী এটা বাস্তৱ আমাৰ মনত সজীৱ কৰি তুলিছে।’’

আনহাতে শিৱসাগৰৰ দেৱাশ্ৰী দেৱীৰ মতে, ‘‘মাত্ৰ কেইটামান দিনতে ইমান বেছি জনপ্ৰিয় হৈ পৰা অৰ্ণৱ-আস্থাৰ প্ৰেম কাহিনীয়ে আন বহুতৰ দৰে মোক ও আকৰ্ষণ কৰিছে। অৰ্ণৱৰ খং,জেদ, সৰু সৰু অভিমানবোৰ, আব্দাৰবোৰে চৰিত্ৰটোক খুব বেছি ভাল লগা কৰি তুলিছে। প্ৰেম-ভালপোৱাৰ মিঠা আৱেগেৰে সহজ-সৰল ৰূপত অংকিত কৰা জে ই চি এতিয়া প্ৰত্যেকজনী ছোৱালীৰ বাবেই যেন হৃদয়ৰ আপোন। অৰ্ণৱৰ মাজতেই যেন প্ৰত্যেকেই বিচাৰিব খুজিছে নিজৰ প্ৰেমিকক।’’

Related Articles

Leave a Reply

Close