অসম

কেন্দ্ৰীয় বিদ্যালয়ৰ সাঁতোৰ প্ৰতিযোগীতাত শিৱসাগৰৰ তিনি ছাত্ৰৰ সাফল্য

প্ৰথম খবৰ , শিৱসাগৰ ২২ জুন : দিল্লীৰ তালকৈটৰাত ১৭ জুনৰ পৰা ২০ জুনলৈ অনুষ্ঠিত হৈ থকা সৰ্বভাৰতীয় কেন্দ্ৰীয় বিদ্যালয় সাঁতোৰ প্ৰতিযোগীতাত শিৱসাগৰৰ তিনি ছাত্ৰই নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে | শিৱসাগৰ অ’এনজিচি কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ ক্ৰমে পাৰ্থ দত্ত,আদিত্য থাপা আৰু ৱাছিদ আহমেদ | তিনিওজন ছাত্ৰই শিৱসাগৰৰ চুইমিং চচাইটিৰ তত্বাৱাধানত সাঁতোৰৰ প্ৰশিক্ষণ লৈ আছে | প্ৰতিযোগীতা খনত পাৰ্থ দত্তই দুটা সোণ,এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিছে | আদিত্য থাপাই চাৰিটা সোণ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে ৱাছিদ আহমেদে দুটা সোণ আৰু দুটা ৰূপৰ পদক লাভ কৰি শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিছে|

Related Articles

Leave a Reply

Close