অসম

ক্ৰমাণ্বয়ে বৃদ্ধি পাইছে ড্ৰাগছৰ ৰমৰমীয়া বেহা

নিউজ ডেস্ক প্ৰথম খবৰ: বোকাখাত আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা অভিযান চলাই ড্ৰাগছ জাতীয় ‘চেমপেক্স প্লাচ ‘ নামৰ বৃহৎ পৰিমাণৰ টেবলেট সহ দুজন লোকক আটক কৰে। AS01 G 5067 নম্বৰৰ মাৰুতি 800গট গাড়ী খনেৰে নগাৱঁৰ পৰা ডিমাপুৰলৈ বুলি আহি থকা অৱস্থাত নগাঁও পাঠৰিৰ জুলাচউদ্দিন আহমেদ ওৰফে বাবুল আলি আৰু আনোৱাৰ হুচেইন ওৰফে জুন নামৰ লোক দুজনে পলিথিনৰ পেকেটত ২৫ পেকেট ড্ৰাগছৰ টেবলেট লৈ আহি থকা অৱস্থাত বোকাখাতৰ কহঁৰাত বোকাখাত আৰক্ষীয়ে গাড়ী সহ ড্ৰাগছৰ বৃহৎ টেবলেট খিনি জব্দ কৰাৰ লগতে দুয়োকে গ্ৰেপ্তাৰ কৰে। টেবলেট খিনিৰ ওজন প্ৰায় ২২ কিলোগ্ৰাম আছিল।

Related Articles

Leave a Reply

Close