অসম

জি এম চিত নলবাৰীত সৰবৰহী যুৱক মহেশ কলিতাৰ অকাল মৃত্যু, স্বাস্থ্য মন্ত্ৰীক তদন্তৰ দাবী

জি এম চিত নলবাৰীত সৰবৰহী যুৱক মহেশ কলিতাৰ অকাল মৃত্যু, স্বাস্থ্য মন্ত্ৰীক তদন্তৰ দাবী

প্ৰথম খবৰ, নলবাৰী ,২৩ জুন – নলবাৰী জিলাৰ বাহঁজানীৰ অন্তৰ্গত তিলানা গাঁও নিবাসী জাপি শিল্পী প্ৰসন্ন কলিতাৰ পুত্ৰ যুৱ সমাজকৰ্মী, হোমগাৰ্ড মহেশ কলিতাৰ আজি জি এম চি এইচড চিকিৎসাধীন অৱস্থাতে অকাল মৃত্যু হোৱা খবৰে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে । ৩৮ বছৰীয়া যুৱ সমাজকৰ্মী মহেশ কলিতাই দীৰ্ঘদিন ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ নলবাৰীৰ চিকিৎসালয়ৰ পিছত জি এম চি এইচড চিকিৎসা গ্ৰহণ কৰি আহিছে যদিও বিগত কেইদিনমান নিজ গৃহতে থাকি চিকিৎসা চলাই গৈছিল। কিন্তু যোৱা কালি হঠাৎ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক জি এম চি এইডচলৈ নিয়া হয় । আজি পুৱা আঠ বজাত চিকিৎসাধীন হৈ থকাতে মৃত্যু হয় । ইফালে পৰিয়াল তথা স্থানীয় ৰাইজে জি এম চি এইডচৰ চিকিৎসাৰ হেমাহিতে যুৱ সমাজকৰ্মী গৰাকীৰ অকাল মৃত্যু হোৱাৰ অভিযোগ তোলে।তদুপৰি পৰিয়ালৰ লোকে জানিব দিয়ে যে চিকিৎসালয় খনিত বিভাগীয় চিকিৎসকে কোনো গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ উত্থাপন কৰে। স্থানীয় ৰাইজে জি এম চি এইডচৰ চিকিৎসাৰ হেমাহিৰ বিষয়টো ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুজ হাজৰিকাক তদন্ত কৰিবলৈ দাবী জনাইছে । উল্লেখ্য যে প্ৰয়াত মহেশ কলিতাই তিলানা গাওঁৰ বিভিন্ন ধৰ্মীয় তথা সামাজিক কামত জৰিত হৈ এগৰাকী যুৱ সমাজকৰ্মী হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ লগতে বিগত সময়ত জাপি নিৰ্মাণেৰেও জীৱন নিৰ্বাহ কৰিছিল । বিগত কিছুবছৰ ধৰি নলবাৰী সদৰ থানাৰ অন্তৰ্গত হোমগাৰ্ড হিচাপে নিযুক্তি লাভ কৰি পৰিয়াল পোহপাল দিব আছিল। হাঁহিমুখীয়া যুৱক গৰাকীৰ অকাল মৃত্যুত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, নলবাৰী জিলা আৰক্ষী অধীক্ষক কৌওৰ,নলবাৰী থানাৰ ওচি তপন কলিতা, জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা,যুৱ নেতা কিশোৰ কলিতা,তিলানা গাঁও উন্নয়ন সমিতিৰ সভাপতি জীতেন কলিতা, সম্পাদকদ্বয় মোহন কলিতা, মিন্টু তামুলী পূৱ বাহঁজানী গাঁও পঞ্চায়তৰ সভানেত্ৰী নমিতা দাস, আঞ্চলিক সদস্য বংকিম শৰ্মা, তিলানা যুৱক সংঘ,মুগকুছি বণিক সন্থা, তিলানা মধ্য ইংৰাজী বিদ্যালয় কৰ্তৃপক্ষ,জাপি শিল্প সমাজ সহ বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰে আৰু পৰিয়ালক সমবেদনা জ্ঞাপন কৰে । ইপিনে প্ৰয়াত কলিতাৰ নশ্বৰদেহ আবেলি অসংখ্য ৰাইজৰ উপস্থিতিত তথা এক শোকাকুল পৰিবেশত শেষকৃত্য সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত মহেশ কলিতাই পিতৃ, মাতৃ, পত্নী, দুই পুত্ৰ সন্তান সহ অজস্ৰ গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায় ।

Related Articles

Leave a Reply

Close