অসম

ডুমডুমা মহাবিদ্যালয়ৰ অসমীয়া বিভাগত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী মঞ্চ গঠন

ডুমডুমা, ২৬ জুন : ডুমডুমা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আজি মহাবিদ্যালয়খনৰ সভাগৃহত বিভাগটোৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল মিলিত হৈ বিভাগটোৰ বাবে চিলা সোণোৱালক সভাপতি, সমৰজ্যোতি শইকীয়াক উপসভাপতি, ঘনকান্ত মৰাণ আৰু পিঞ্জু মৰাণক যুটীয়া সম্পাদক, নীৰৱ দহোটীয়াক সহকাৰী সম্পাদক, পৰশমণি মহন্ত আৰু জোনবিৰি মৰাণক আলোচনী সম্পাদক হিচাপে লৈ এখন সমিতি গঠন কৰে । সভাখনত অধ্যক্ষ ড০ প্ৰকাশজ্যোতি বৰঠাকুৰে যোগদান কৰি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ অৱস্থিতিৰ বুজ লয় আৰু মহাবিদ্যালয়খনৰ প্ৰতি থকা কৰ্তব্য সোঁৱৰাই দিয়ে । মহাবিদ্যালয়খনৰ এন এছ এছ বিভাগৰ সমন্বয়ক অঞ্জু কোঁৱৰে যোগদান কৰি একেদৰে প্ৰাক্তনসকলে কি ভাবে মহাবিদ্যালয়খনৰ লগত জৰিত হৈ পৰিব পাৰে তাৰ ব্যাখ্যা আগবঢ়ায় । সভাখনত মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ সভাপতি অৰ্জুন বৰুৱা, মহাবিদ্যালয়ৰ উপাধ্যক্ষ বীৰেন্দ্ৰ হাজৰিকা, বিভাগীয় অধ্যাপক-অধ্যাপিকাসকলৰ উপৰিও বৰ্তমানে অসমীয়া বিভাগৰ মেজৰত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলে যোগদান কৰি ইয়াক সফল কৰি তোলে । সভাখনৰ আঁত ধৰে ড০ ৰিঞ্জুমণি শৰ্মাই৷

Related Articles

Leave a Reply

Close