যুৱশীৰ্ষ

দেশ আৰু জাতিৰ ভৱিষ্যত বৰ্তমানৰ ছাত্ৰসমাজ

হিমাশ্ৰী কলিতা :

বৰ্তমানৰ ছাত্ৰ সমাজ হৈছে দেশৰ অনাগত দিনৰ ভৱিষ্যৎ। ছাত্ৰ সমাজক লৈ বৰ্তমানৰ সমাজ তথা জনসাধাৰন সম্পূৰ্ণৰূপে আশাবাদী। বৌদ্ধিকভাৱে তথা মানসিকভাৱে উন্নত হ’বলৈ হ’লে শিক্ষিত হ’ব লাগিব। এইক্ষেত্ৰত অভিভাৱকসকল তথা শিক্ষক-শিক্ষয়িত্ৰীসকল সম্পূৰ্ণভাৱে সচেতন হোৱা উচিত। যিহেতু দেশ আৰু জাতিৰ ভৱিষ্যৎ বুলি ছাত্ৰসমাজক গণ্য কৰা হৈছে , সেয়ে তেওঁলোকৰ আচাৰ-আচৰণ নম্ৰ, ভদ্ৰ, বিনয়ী তথা কৰ্মপটু হ’ব লাগিব।

শিক্ষা গ্ৰহণ কৰি থকা অৱস্থাত তেওঁলোকে সহপাঠী নিৰ্বাচনৰ ওপৰত গুৰুত্ব দিয়া উচিত কিয়নো সহপাঠীয়েও কিছু কিছু ক্ষেত্ৰত অৰিহনা আগবঢ়ায়। ছাত্ৰ সমাজেই হৈছে একমাত্ৰ শক্তি যিয়ে দেশ-বিদেশৰ যিকোনো প্ৰান্তত ঘটি থকা অপৰাধ তথা দুৰ্নীতিৰ বিৰূদ্ধে একগোট হৈ মাত মাতিব পাৰে। কোনোৱে লিখা পঢ়া কৰিলেই বুলি যে মহান হৈ পৰিব, সেয়া নহয় যদিহে তেওঁৰ অন্তৰত মানৱীয়তাৰ অভাৱ। বৰ্তমান সময়ত মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ কিছুসংখ্যক ছাত্ৰ-ছাত্ৰীৰ আচাৰ ব্যৱহাৰ তথা পোছাক-পৰিচ্ছদ দেখি মানুহৰ মনত সন্দেহৰহে উদ্ৰেক হয়। বহুতো মানুহে এয়া জাতিৰ কাৰণে দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে যদিও এয়া পৰিৱৰ্তন কৰাৰ সময় এতিয়াও শেষ হোৱা নাই বুলি একাংশই মত পোষণ কৰে। সেয়েহে সমাজৰ সকলো বিষয়ৰ ওপৰত ধ্যান দি নিজে নিজক সফলতাৰে আগুৱাই নি সকলো দায়িত্ব ছাত্ৰসমাজে পালন কৰা উচিত। তেতিয়াহে তেওঁলোকক লৈ সমাজে গৌৰৱ বোধ কৰিব আৰু তেওঁলোকে নিজকে সমাজত দক্ষতাৰে প্ৰতিষ্ঠিত কৰাব পাৰিব আৰু তেওঁলোকৰ অভিভাৱকসকলেও নিজৰ সন্তানক লৈ গৌৰৱ কৰিব পাৰিব।

Related Articles

Leave a Reply

Close