অসম

নলবাৰীত আন্তঃজিলা বক্সিঙৰ ব্যাপক প্ৰস্তুতি

প্ৰাঞ্জল শৰ্মা,প্ৰথম খবৰ, নলবাৰী ,২৩ জুনঃ চল্লিশ সংখ্যক সদৌ অসম আন্তঃজিলা চিনিয়ৰ বক্সিং প্ৰতিযোগিতাৰ বাবে নলবাৰীত ব্যাপক প্ৰস্তুতি চলোৱ হৈছে। নলবাৰী জিলা এমেচাৰ বক্সিং সন্থাৰ উদ্যোগত আৰু অসম এমেচাৰ বক্সিং সন্থাৰ সহযোগত নলবাৰী জিলাৰ ক্ৰীড়াৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে অহা ৬,৭,৮ আৰু ৯ জুলাইত নলবাৰী গৰ্ডন স্কুল খেলপথাৰত এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাৰ প্ৰস্তুতিৰ বিষয়ে জনাবলৈ আজি নলবাৰী জিলা প্ৰেছ ক্লাবত আয়োজন কৰা এখন সংবাদমেলত অভ্যৰ্থনা সমিতিৰ সভাপতি গণেশ তামুলী আৰু সম্পাদক ৰঞ্জিত বৰ্মনে জনায় যে সদৌ অসম আন্তঃজিলা চিনিয়ৰ বক্সিং প্ৰতিযোগিতাত ৰাজ্যখনৰ ৩৩ খন জিলাৰ প্ৰায় দুশ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাৰ বিভিন্ন কামত নিয়োজিত থাকিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰায় ৫০ গৰাকী কৰ্মকৰ্তা । এই প্ৰতিযোগিতাই নলবাৰীৰ উদীয়মান খেলুৱৈসকলক প্ৰেৰণা যোগাব বুলি তেওঁলোকে কয়। সংবাদমেলত প্ৰকাশ কৰা কাৰ্যসূচী অনুসৰি ৬ জুলাইত সন্ধিয়া শিবিৰ উদ্বোধন, খেলুৱৈৰ নাম পঞ্জীয়ন,প্ৰশিক্ষক আৰু মেনেজাৰৰ বৈঠক। ৭ জুলাইত পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, ছহিদ তৰ্পণ, আবেলি তিনি বজাত বক্সিং প্ৰতিযোগিতা উদ্বোধন কৰিব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। ৮ জুলাইৰ গোটেই দিন প্ৰতিযোগিতা চলিব । ৯ জুলাইত আগবেলা প্ৰতিযোগিতা চলিব। আবেলি স্মৃতিগ্ৰন্থ উন্মোচন, সম্বৰ্ধনা অনুষ্ঠান আৰু বঁটা বিতৰণী সভা। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা বুলি সংবাদমেলত জানিবলৈ দিয়ে। সংবাদমেলত প্ৰতিযোগিতাৰ অভ্যৰ্থনা সমিতিৰ উপদেষ্টা জয়ন্ত হাজৰিকা,উপ সভাপতিদ্বয় গিৰীন্দ্ৰ কুমাৰ বৰ্মন আৰু বলেন পাঠকো উপস্থিত থাকে।।

Related Articles

Leave a Reply

Close