অসমশীৰ্ষ

নলবাৰীত চৰকাৰী বিদ্যালয়ৰ কৃতী শিক্ষাৰ্থীক চেক প্ৰদান- বিধায়ক অশোক শৰ্মাৰ উদ্যোগ

প্ৰথম খবৰ ,প্ৰাঞ্জল শৰ্মা, নলবাৰী ,১১জুনঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সদ্যঘোষিত ফলাফলত নলবাৰী বিধানসভা সমষ্টিৰ চৰকাৰী বিদ্যালয়ৰ পৰা সৰ্বাধিক নম্বৰ লাভ কৰা প্ৰথম তিনিগৰাকী ছাত্ৰ ছাত্ৰী আৰুউচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰত সপ্তম স্থান লাভ কৰা পৰীক্ষাৰ্থীগৰাকীক সম্বৰ্ধনা জনোৱাৰ বাবে লগতে অহা বছৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক বিনামূলীয়াকৈ ছাজেছচন পুথি প্ৰদানৰ বাবে আজি নলবাৰী জিলা পৰিষদৰ সভাকক্ষত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। তৃতীয়বৰ্ষৰ বাবে নলবাৰীৰ বিধায়ক অশোক শৰ্মাৰ ব্যক্তিগত উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ নলবাৰী ছোৱালী হাইস্কুলৰ নিহাৰিকা দত্ত( ৫৫৮),পূব কালাকুছি হাইস্কুলৰ হীৰকজ্যোতি বৰুৱা(৫৫৪), চতমাৰ ধৰণীধৰ বিদ্যাপীঠৰ সমৰ কাশ্যপ(৫৫১)আৰু নলবাৰী কমাৰ্ছ কলেজৰ পৰা উঃমাঃ বাণিজ্যত সপ্তম স্থানপ্ৰাপ্ত প্ৰতিভা বৈশ্যক অভিনন্দন জনোৱাৰ লগতে বিধায়ক অশোক শৰ্মাই নিজৰ দৰমহাৰ পৰা ক্ৰমে ২১ হেজাৰ,২০ হেজাৰ,১৯ হেজাৰ আৰু১১ হেজাৰ টকাৰ চেক প্ৰদান কৰে। অনুষ্ঠানত বিধায়কগৰাকীয়ে কয় যে আৰ্থিক অভাৱ উন্নতিৰ অন্তৰায় হ’ব নোৱাৰে। চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক উদ্বুদ্ধ কৰাৰ বাবে বিগত তিনি বছৰে নিজৰ দৰমহাৰ ধনেৰে কৃতী ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰা আৰু বিনামূলীয়া ছাজেছচন বিতৰণ কৰা বুলিও তেওঁ উল্লেখ কৰে। গীতিকা দত্ত শৰ্মাই আঁত ধৰা সভাত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ভাষণ প্ৰসংগত কয় যে কৃতী শিক্ষাৰ্থীসকলে ধাৰাবাহিকতা অক্ষুন্ন ৰাখিব পাৰিলেহে পৰৱৰ্তী সময়ত উপযুক্ত পৰিচয়ৰ অধিকাৰী হ’ব পাৰিব। ব্যক্তিত্ব নিৰ্মাণ কৰিবলৈ নিজে নিজকে সহায় কৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে আত্মসন্মান নোহোৱা মানুহক কোনেও গুৰুত্ব নিদিয়ে। অনুষ্ঠানত নলবাৰী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱ, জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত ডেকা, নলবাৰী জিলা বিজেপিৰ সভাপতি বনদীপ ডেকা আৰু জিলা পৰিষদৰ সভাপতি নিতুল ডেকায়ো ভাষণ দিয়ে। একে অনুষ্ঠানতে নলবাৰী সমষ্টিৰ বিশখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে সংশ্লিষ্ট বিদ্যালয়ৰ শিক্ষকৰ হাতত ছাজেছছন প্ৰদান কৰা হয়। উল্লেখযোগ্য যে মুঠ ৬৭ খন চৰকাৰী বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীৰ বাবে বিধায়কে নিজা উদ্যোগত বিনামূলীয়াকৈ ছাজেছচন বিতৰণ কৰিব।।

Related Articles

Leave a Reply

Close