অসমশীৰ্ষ

নলবাৰীত বিজেপিৰ বলিদান দিৱসত ৰঞ্জিত দাস

প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ,নলবাৰী ,২৩ জুন – নলবাৰী জিলাৰ সন্ধেলীত (সোনোৰা) আজি মধুপুৰ মণ্ডল বিজেপিৰ উদ্যোগত তথা ৩৫ নম্বৰ পশ্চিম ধৰ্মপুৰ গাঁও পঞ্চায়তৰ সহযোগত গেৰুৱা দলটোৰ প্ৰতিষ্ঠাপক অন্যতম ডঃ শ্যাম প্ৰসাদ মুখাৰ্জীৰ মৃত্যু তিথি অৰ্থাত বলিদান দিৱস উদযাপন কৰা হয়। তদুপলক্ষে মধুপুৰ মণ্ডল বিজেপিৰ সভাপতি তথা জিলা পৰিষদৰ সদস্য ভাস্কৰ শৰ্মাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস,নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা,পঞ্চায়ত সভাপতি, আঞ্চলিক সদস্য, মণ্ডলৰ সাধাৰণ সম্পাদক দীলিপ বৰ্মন সহ বহু সংখ্যক কৰ্মী উপস্থিত থাকে। বিজেপি নেতা সুভাষ বৰ্মনে আতঁ ধৰা সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ভাষনত কয় যে – ডঃ শ্যাম প্ৰসাদ মুখাৰ্জীৰ জীৱন দৰ্শন আছিল দেশৰ বাবে মূল্যবান।ভাৰতমাতাৰ বাবে দেহে কেহে খাটি নিজক উচ্চৰ্গা কৰিছিল। ভাৰতীয় জনতা পাৰ্টীক প্ৰতিষ্ঠা কৰাৰ দিশত নিজৰ সৰ্বোচ্চ এৰি দিছিল বুলি দোহাৰি সমবেত দলীয় কৰ্মী সকলক ডঃ শ্যাম প্ৰসাদ মুখাৰ্জীৰ আদৰ্শৰে উদ্ভাসিত হবলৈ আহ্বান জনাই গেৰুৱা দলটোৰ ৰাজ্যিক সভাপতি গৰাকীয়ে। সভাত জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাই ভাষনত কয় যে বিজেপিক প্ৰতিষ্ঠা কৰা এগৰাকী মহান ব্যক্তি আছিল শ্যাম প্ৰসাদ মুখাৰ্জী । আমি সকলোৱে তেওঁৰ আদৰ্শ গ্ৰহণ কৰিব লাগে বুলি দোহাৰে । আদিতে ডঃ শ্যাম প্ৰসাদ মুখাৰ্জীৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰা হয় ।

Related Articles

Leave a Reply

Close