অসম

নলবাৰীৰ খাটিকুছিত ছাত্ৰ ছাত্ৰীৰ মাজত সহায়ক পুথি বিতৰণ

প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ, নলবাৰী: নলবাৰীৰ খাটিকুছিস্থিত পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আজি অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সহায়ক পুথি বিতৰণ কৰা হয়। নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ নিজস্ব প্ৰচেষ্টাত অৰ্থাত নিজৰ দৰমহাৰ ধনেৰে উক্ত পাঠ্যপুথি ছাত্ৰ ছাত্ৰীসকলক যোগান ধৰে।

তদুপলক্ষে প্ৰৱক্তা ডঃ সঞ্জীৱ গোস্বামী, শিক্ষানুষ্ঠান খনৰ পৰিচালনা সমিতিৰ সভাপতি শিৱ নাথ কলিতা, প্ৰধান শিক্ষয়িত্ৰী মঞ্জু ৰাণী ভূঞা, ভাৰতীয় শিক্ষা মণ্ডল দীপক শৰ্মা, সম্পাদক শিৱনাথ শৰ্মা, কোষাধ্যক্ষ দ্বীজেন শৰ্মা, জিলা বিজেপিৰ কোষাধ্যক্ষ ধ্ৰুৱজ্যোতি দত্ত, বিজেপি নেতা ডিম্বেশ্বৰ বেজবৰুৱা, জয়ন্ত বুজৰবৰুৱা, দিগন্ত লোচন শৰ্মা সহ অঞ্চলটোৰ বহু গণ্য মান্য ব্যক্তিৰ উপস্থিতিত ৯১০ গৰাকী ছাত্ৰ ছাত্ৰীক সহায়ক পুথি বিতৰণ কৰা হয়।

অনুষ্ঠানত বিধায়ক অশোক শৰ্মাই ভাষণ ৰাখি কয় যে শিক্ষাই হৈছে ছাত্ৰ ছাত্ৰীসকলৰ মূল কথা। গতিকে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাগুৰুসকলৰ পৰামৰ্শ লৈ বিদ্যায়তনিক দিশত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়।

Related Articles

Leave a Reply

Close