অসম

নলবাৰীৰ বলিলেছাত ‘গণকন্ঠ’ ৰ কেন্দ্ৰীয় ৰাভা দিৱস

সাংবাদিক কমলেশ শৰ্মালৈ শ্ৰেষ্ঠ সাংবাদিকৰ বঁটা

প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ,,নলবাৰী,২জুনঃ সাংবাদিক-সাহিত্যিকৰ ঐক্যমঞ্চ ‘গণকণ্ঠ’ৰ উদ্যোগত ২৩ সংখ্যক কেন্দ্ৰীয় ৰাভা দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান অহা ২০,২১ জুনত দুদিনীয়া কাৰ্যসূচীৰে নলবাৰীৰ বালিলেছা শ্ৰী শ্ৰী কালী দেৱালয় প্ৰাংগণত আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি ২০ জুনৰ পুৱা ১০ বজাত গণকণ্ঠৰ পতাকা উত্তোলন কৰিব বালিলেছা কালী দেৱালয়ৰ সভাপতি অজিত মহন্তই।১০-৩০ বজাত ছহিদ তৰ্পণ কৰিব দেৱালয়ৰ সম্পাদক জিতুমণি ডেকাই।১১ বজাত ৰাভাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰিব খাতা মৌজা কালীমন্দিৰ হাইস্কুলৰ প্ৰধান শিক্ষক শৈলেন্দ্ৰ দাসে।১১-৩০ বজাত বন্তি প্ৰজ্জ্বলন কৰিব বালিলেছা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক সুবৰ্ণ দাসে।দিনৰ ১২ বজাত ভেশচন প্ৰতিযোগিতা।বিয়লি ৩ বজাত ৰাভা সংগীত প্ৰতিযোগিতা।৫ বজাত ৰাভা সংগীতৰ ভিত্তিত একক নৃত্য প্ৰতিযোগিতা।নিশা সাংস্কৃতিক অনুষ্ঠান।২১ জুনৰ সন্ধিয়া গণকণ্ঠৰ সভাপতি বসন্ত দাসৰ সভাপতিত্বত অনুষ্ঠিত হ’ব বঁটা প্ৰদান অনুষ্ঠান। অনুষ্ঠানত শ্ৰেষ্ঠ সাংবাদিক বঁটা, শ্ৰেষ্ঠ চিকিৎসক বঁটা, শ্ৰেষ্ঠ সমাজকৰ্মী বঁটা,যুৱ সাংবাদিক বঁটা আৰু নিষ্ঠাৱান সাংবাদিক বঁটা প্ৰদান কৰা হ’ব। গণকণ্ঠৰ সভাপতি বসন্ত দাস আৰু সম্পাদক সুনীল কুমাৰ দাসে আজি ঘোষণা কৰামতে ২০১৯ বৰ্ষৰ বাবে কৃষ্ণকান্ত তালুকদাৰ সোঁৱৰণী শ্ৰেষ্ঠ সাংবাদিক বঁটা প্ৰদান কৰা হ’ব ‘অসমীয়া প্ৰতিদিন’ৰ নলবাৰীৰ ষ্টাফ ৰিপ’ৰ্টাৰ কমলেশ শৰ্মাক। নিষ্ঠাবান সাংবাদিক বঁটা প্ৰদান কৰা হ’ব ক্ৰমে-অগ্ৰদূত কাকতৰ নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক কিশোৰ কুমাৰ কলিতা,নিয়মীয়া বাৰ্তাৰ পূব নলবাৰীৰ সাংবাদিক শ্বাহ আলম আহমেদ, ‘লুইতজ্যোতি’ কাকতৰ সম্পাদক অৰূপ কুমাৰ শৰ্মা,নিউজ ১৮ অসম নৰ্থ -ইষ্ট ৰ নলবাৰীৰ সাংবাদিক ত্ৰিদিপ কলিতা আৰু গণ অধিকাৰ কাকতৰ নলবাৰীৰ ষ্টাফ ৰিপ’ৰ্টাৰ এম,মহিবৰ ৰহমানক। পাৰ্থপ্ৰতিম কলিতা সোঁৱৰণী যুৱ সাংবাদিক বঁটা প্ৰদান কৰা হ’ব অসমীয়া প্ৰতিদিনৰ বাঁহজানীৰ সাংবাদিক তপন মজুমদাৰক।সেইদৰে শ্ৰেষ্ঠ কেমেৰামেন বঁটা দিয়া হ’ব নিউজ লাইভ ,নলবাৰীৰ কেমেৰামেন কৃষ্ণ ডেকাক।জগদীশ প্ৰসাদ বাজাজ সোঁৱৰণী শ্ৰেষ্ঠ চিকিৎসক বঁটা প্ৰদান কৰা হ’ব জ্যেষ্ঠ চিকিৎসক উমেশ চক্ৰৱৰ্তীক।গোপাল কলিতা সোঁৱৰণী শ্ৰেষ্ঠ সমাজকৰ্মী বঁটা প্ৰদান কৰা হ’ব শান্তি নিবাস বৃদ্ধ আৰু অনাথ আশ্ৰমৰ স্বত্বাধিকাৰী মজিবুৰ ৰহমানক। এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া,বিশিষ্ট অতিথি হিচাপে থাকিব নলবাৰী বিধায়ক অশোক শৰ্মা,মুখ্য অতিথি হিচাপে উপস্থিত থাকিব গণকন্ঠৰ মুখ্য পৃষ্ঠপোষক বিশ্বজিৎ তালুকদাৰ।আনহাতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য,নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা,সাংস্কৃতিক কৰ্মী জয়ন্ত দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।নিশা সাংস্কৃতিক সন্ধিয়া উদ্ধোধন কৰিব বিশিষ্ট সমাজকৰ্মী গণেশ তামুলীয়ে। সাংস্কৃতিক সন্ধিয়াত অনুষ্ঠান পৰিবেশন কৰিব খ্যাতনামা কন্ঠশিল্পী সমৰ হাজৰিকাই।।

Related Articles

Leave a Reply

Close