অসমশীৰ্ষ

নিজৰ আৰু সামাজিক দায়বদ্ধতাত নিয়োজিত সকলহে সমাজৰ ভাল মানুহ

প্ৰথম খবৰ, শিৱসাগৰ , ১১ জুনঃ সন্মানৰ বৈষম্যতাই গ্ৰাহ কৰিছে নে কি চোৱাৰ প্ৰয়োজন বুলিলে শিক্ষাবিদ তথা গড়গাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সব্যসাচী মহন্তই , লগতে প্ৰতি বছৰে অভিনন্দন জনোৱা কীৰ্তি ছাত্র ছাত্রী সকলৰ হিচাপ যদি চোৱা যায় সেই হিচাপে সামাজিক দিশটো উন্নয়ন হোৱ দেখা নাই বুলি তাতপৰ্য্যপুৰ্ণ মন্তব্য প্ৰকাশ কৰে | কীৰ্তিত্ব কেৱল নম্বৰত সীমাবদ্ধ থাকিলে নহব , তেওঁ লোকৰ দ্বাৰা সমাজ খন সুৰক্ষি বা উন্নতি হব লাগিব তেতিয়াহে কীৰ্তিত্বৰ মৰ্যদা অক্ষুন্ন থাকিব , কীৰ্তিত্বৰে সমাজৰ সকলো শ্ৰেণী লোকৰ উপকাৰ আহিব লাগিব , শিক্ষাগত ভাৱে কীৰ্তিত্ব লাভ কৰি যদি নিজৰ মাক দেউতাকক পথত এৰিব গলা হয় সেই কীৰ্তিত্বৰ অৰ্থহীন হৈ পৰিব | অানক অপকাৰ নকৰি যি সকলে নিজৰ লগতে সমাজৰ হকে সচাঁ অৰ্থত কাম কৰে সেই সকলে সমাজৰ ভাল মানুহ হিচাপে স্বীকৃতি লাভ কৰিব পাৰিলেহে কীৰ্তিত্বৰ মূল্য থাকিব | অনুষ্ঠানত তাই আহোম ছাত্র সন্থাৰ প্ৰাক্তন উপদেষ্টা অশ্বীনি চেতীয়া ৪০ বছৰৰ মানুহ নহৈ পৃথিৱী জীয়াই থকা দিনলৈকে সমাজ তথা দেশৰ বাবে মানুহৰ পৰিচয় দিবলৈ আহ্বান জনাই , আনজন বক্তা তথা শিৱসাগৰ বানিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সৌমাৰজ্যোতি মহন্তই বিদেশহ বহুকেইজন খ্যাতসম্পন্ন লোকৰ নাম উল্লেখ কৰাৰ ওপৰি বিদেশৰ শিক্ষা পদ্ধতি উন্নত হোৱাৰ বাবে সকলো শ্ৰেণীৰ ছাত্র ছাত্রীৰ সকলক মৰ্যদাওঁ সমান ৰূপেই দেখা পোৱা যায় যে সেই উন্নত দেশৰ সমুহৰ শিক্ষাৰ পদ্ধতিটোয়েই পৃথক বুলি উল্লেখ কৰে , তেওঁ ছাত্র ছাত্রী সকলক যুগৰ লগত সামজঞ্চ্য ৰাখি বিদ্যায়তনিক দিশে অগ্ৰহৰ হবলৈ আহ্বান জনায় |তাই আহোম ছাত্র সন্থা দ্যোগত শিৱসাগৰ মহকুমা সমিতি অাৰু নাজিৰা মহকুমা সমিতিৰ উদ্যোগত শিৱসাগৰ জিলা সমিতিৰ সভাপতি ধৰ্মেন্দ্ৰ গগৈ সভাপতিত্বত অনুষ্ঠিত হোৱা কীৰ্তি ছাত্র ছাত্রী শৈক্ষিক অভিনন্দন অনুষ্ঠিত সদৌ তাই আহোম ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লিটুল বুঢ়াগোহাঁই , উপ সভাপতি বসন্ত গগৈ , দুলাল বৰুৱা , সহ সম্পাদক দেৱজিত গগৈ , সাংগঠনিক সম্পাদক ভাস্কৰজ্যোতি বৰগোহাঁই আদি ভালে কেইজন গুনি-জ্ঞানী লোকে ভাষন প্ৰদান কৰে | তাই আহোম ছাত্র সন্থা শিৱসাগৰ জিলাৰ সম্পাদক মানস সন্দিকৈয়ে আঁত ধৰা শৈক্ষিক অভনন্দন অনুষ্ঠানত জিলাখনৰ পৰা হাই স্কুল শিক্ষান্ত পৰীক্ষাত অষ্টম স্থান দখল কৰা দেৱাশ্ৰী শইকীয়া আৰু নৱম স্থান প্ৰাপ্তত অৰ্চীতা দুৱৰাৰ লগতে তিনিশ পঞ্চাচ গৰাকী ছাত্র ছাত্রীক একোখন ফুলাম গামোচা আৰু মান পত্রৰে অভিনন্দন জ্ঞাপন কৰে |

Related Articles

Leave a Reply

Close