অসমশীৰ্ষ

ফেচবুকত উৰিছে উৰাবাতৰি: মৃত্যু হোৱা নাই নিপন গোস্বামীৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ অন্যতম বটবৃক্ষ নিপন গোস্বামীৰ মৃত্যুৰ বাতৰিয়ে হঠাতে ছ’চিয়েল মিডিয়া কঁপাই তুলিলে কিছুসময় পূৰ্বে। একাংশ ব্যক্তিয়ে ফেচবুক ৱালত বিশিষ্ট অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি উৰাবাতৰি বিয়পাই তোলে। ইতিমধ্যে, প্ৰথম খবৰে অভিনেতাজনৰ নিকটতম ব্যক্তিৰ সৈতে যোগাযোগ কৰি এই বাতৰিৰ সত্যতা নাই বুলি স্পষ্ট কৰিছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও একাংশ বৰেণ্য শিল্পী-সাহিত্যিকৰ মৃত্যুৰ উৰাবাতৰি বিয়পোৱা হৈছিল ফেচবুকৰ দৰে সামাজিক গণমাধ্যমৰ জড়িয়তে। 

Related Articles

Leave a Reply

Close