অসমশীৰ্ষ

ফেচবুকত জনপ্ৰিয় অভিনেতাৰ মৃত্যুৰ উৰা বাতৰি, বিভ্ৰান্ত নহ’ব, কুশলে আছে তেওঁ

সাংস্কৃতিক প্ৰতিবেদক:
ছ’চিয়েল মিডিয়াত ৰাজ্যৰ এজন জনপ্ৰিয় অভিনেতাৰ মৃত্যুৰ উৰা বাতৰিক লৈ ব্যাপক বিভ্ৰান্তিৰ সৃষ্টি হৈছে৷ দুই এটা ফেচবুক পেজ আৰু ব্যক্তিগত একাউণ্টৰ পৰাও অভিনেতাজনৰ পূৰ্বৰ চিকিৎসাধীন অৱস্থাৰ ফটো দি এক প্ৰকাৰ সংবাদ মাধ্যমকো বিবুধিত পেলায়৷ জানিব পৰা মতে, কিছুদিন পূৰ্বে অভিনেতাজন আঠুৰ আঘাতৰ বাবে চিকিৎসালয়ত চিকিৎসাধীন হোৱাৰ ফটো ব্যৱহাৰ কৰি আগেয়ে খবৰ দিয়াৰ প্ৰতিযোগিতাত সৰ্বজান্তা হৈ এনে উৰা বাতৰি বিয়পাই দিয়ে৷ ফেচবুকৰ হাঁহিৰ টোপোলা গ্ৰুপ, ট্ৰল এছামিছ মিডিয়া, আছাম ভেলী আদি গ্ৰুপত শ্ৰদ্ধাঞ্জলি জনাই পোষ্ট আপডেট কৰাৰ পিছতে হৈ চৈ আৰম্ভ হয় ছ’চিয়েল মিডিয়াত৷ এই ঘটনাৰ পিছতে প্ৰথম খবৰৰ ফালৰ পৰা যোগাযোগ কৰি জানিব পৰা মতে, বৰ্তমান অভিনেতাজন সম্পূৰ্ণ সুস্থ আৰু নিশাৰ আহাৰ খাই জিৰণি লৈছে৷ আনকি, অভিনেতাজনক এনে ভয়ানক উৰা বাতৰিৰ কথা ক’বলৈও দ্বিধাগ্ৰস্ত হৈছে সাংবাদিকসকল৷ সংবাদ মাধ্যমে নিশ্চিত খবৰ দিবলৈ নৌপাওতেই এনে অশুভ আৰু উৰা বাতৰি বিয়পাই নিদি সত়্যতা জানিলৈহে ফেচবুকত বাতৰি দিবলৈ আহ্বান জনাইছে অভিনেতাজনৰ গুণমুগ্ধসকলে৷

Related Articles

Leave a Reply

Close