অসমশীৰ্ষ

বদলা পদ্ম আতাৰ জন্মজয়ন্তী, ক্ষোভ ভকতৰ

বিহপুৰীয়া, প্ৰথম খবৰ:

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰিয় শিষ্য শ্ৰী শ্ৰী বদলা পদ্ম আতাৰ ৪৭৩ সংখ্যক জন্মোৎসৱ ভাগি দিনজোৰা কাৰ্যসূচীৰে বিহপুৰীয়াৰ হমৰাস্থিত শ্ৰী শ্ৰী বদলা পদ্ম আতা ৰঘূুগুৰি সাৰ্বজনীন সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত কৰে । পুৱা দীন বৰা আৰু পদ্মেশ্বৰ বৰাৰ নেতৃত্বত উষা কীৰ্ত্তনৰ পিছতে পৰিবেশ নিকাকৰণ আৰু বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰে । ইয়াৰ পিছতে থান পৰিচালনা সমিতিৰ সভাপতি নন্দেশ্বৰ বৰুৱাই ধৰ্ম ধ্বজা উত্তোলন কৰে । নাম প্ৰসঙ্গৰ পিছতে অনুষ্ঠিত হোৱা দিহানাম প্ৰতিযোগিতাৰ উদ্বোধন কৰে বিহপুৰীয়া জাতীয় বিদ্যালয়ৰ অধ্যক্ষ যাদৱ বৰুৱাই । অৱসপ্ৰাপ্ত শিক্ষক খগেন দত্তৰ সঞ্চালনত অনুষ্ঠিত হোৱা এই জিলা ভিত্তিত দিহানাম প্ৰতিযোগিতাত লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও দিহানাম দলে অংশগ্ৰহণ কৰে । উল্লেখযোগ্য যে ১৯৮৬ চনতে শ্ৰী শ্ৰী বদলা পদ্ম আতাৰ নামত প্ৰতিষ্ঠা লাভ কৰা এই থান খনে আজি পৰ্যন্ত লাভ কৰিবলৈ সক্ষম নহল কোনো ধৰণৰ চৰকাৰী সাহায্য । যাৰ ফলত আজি এই জন্ম জয়ন্তিৰ দিনাই ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ একাংশ ভকতে ৷ সম্প্ৰতি ৰাইজৰ দান বৰঙনি আৰু খুজি মাগি থানখনক পুৰ্ণাঙ্গ ৰূপ দিয়াৰ প্ৰয়াস কৰিছে স্থানীয় ভকত সকলে ৷ বিহপুৰীয়াৰ ৫০খন গাঁৱৰ শংকৰী কলা কৃষ্টিৰ চৰ্চাৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ তথা অঞ্চলটোৰ জাতি জনগোষ্ঠী সকলক এক কৰি ৰখাত মুখ্য ভূমিকা গ্ৰহণ কৰা এই থানখনলৈ নিতৌ অগমন ঘটে অগনন ভকত বৈষ্ণৱৰ ৷ ইফালে থানখনলৈ যোৱা মুখ্যপথছোৱাৰ পুটৌজনক অৱস্থাই ভকত সকলক চিন্তিত কৰি তুুলিছে ৷ তদুপৰি থানখনত এখন অতিথিশালা নথকাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত সকলে বিভিন্ন সময়ত তীব্ৰ সমস্যাৰ সন্মুখীন হৈ আহিছে । যিটো সময়ত ৰাজ্য চৰকাৰে ৰাজ্যৰ চুকে কোনে থকা সত্ৰ সমূহৰ উন্নয়ৰ বাবে লাখ লাখ টকা অনুদান আগবঢ়াইছে তেনে সময়ত কিন্তু এই গুৰুত্বপূৰ্ণ থান সত্ৰখনিৰ উন্নয়নত ৰাজ্য চৰকাৰে দিয়া নাই তিলমানো গুৰুত্ব ৷ যাৰ পৰিপেক্ষিতত জন্ম জয়ন্তীৰ দিনটোতেই বিহপুৰীয়াৰ ভকতে ক্ষোভ উজাৰিছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৷

Related Articles

Leave a Reply

Close